জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য প্ৰদান। বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাসে লেখিকা গৰাকীৰ বাসগৃহত উপস্থিত হৈ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহায্য।
Spinal Muscular Atrophy (SMA) দৰে জটিল ৰোগত আক্ৰান্ত প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰীৰ সাহায্য৷ বুধবাৰে শৰ্মিষ্ঠাৰ ৰহাৰ ডিমৌৰ নিজা বাসগৃহত মুখ্যমন্ত্ৰীৰ পাঁচ লাখ টকাৰ চেক শৰ্মিষ্ঠাৰ হাতত প্ৰদান কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপৰ শৰ্মা আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে৷ উল্লেখ্য, প্ৰতিভাৱান লেখিকা শৰ্মিষ্ঠা তেনেই কম বয়সতে Spinal Muscula Atrophyৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰতে জীৱন কটাবলগীয়া হৈছে আৰু এই হুইল চেয়াৰত বহিয়ে সৃষ্টি কৰি গৈছে ইখনৰ পিচত সিখন মূল্যবান গ্ৰন্থ৷ জানিব পৰা মতে ব্যয়বহুল এই SMA ৰোগৰ ঔষধ শেহতীয়াকৈ ভাৰতত উপলব্ধ হৈছে৷
শৰ্মিষ্ঠাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আবেদন কৰাত মুখ্যমন্ত্ৰীয়ে এই ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰথমে ২৫ লাখ টকা সাহায্য আগবঢ়াইছিল আৰু শেহতীয়াকৈ বুধবাৰে আৰু ৫ লাখ টকা বিধায়ক ৰূপক শৰ্মাৰ জড়িয়তে শৰ্মিষ্ঠাক প্ৰদান কৰে৷ সাহাৰ্য লাভ কৰি শৰ্মিষ্ঠাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে এনে ধৰণৰ জটিল ৰোগত আক্ৰান্ত সকলোকে চৰকাৰে সাহাৰ্য কৰিবলৈ আহ্বান জনায় ৷ এই সাহায্যৰ জড়িয়তে শৰ্মিষ্ঠা সুস্থ হৈ উঠক৷ সেয়া সকলোৱে কামনা কৰিছে৷

