নাজিৰা জিলা পৰিষদ আৰু শিমলুগুৰি আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যাৰ দেহাৱসান

নাজিৰা জিলা পৰিষদ আৰু শিমলুগুৰি আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যাৰ দেহাৱসান।

বিশিষ্ট সমাজকৰ্মী ক্ষীৰপ্ৰভা শইকীয়াৰ বিয়োগ সমাজৰ এক অপূৰণীয় ক্ষতি।

শিমলুগুৰি আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা তথা নাজিৰা জিলা পৰিষদৰ দুবাৰৰ প্ৰাক্তন সদস্যা, কংগ্ৰেছ দলৰ জ্যেষ্ঠা কৰ্মী ক্ষীৰপ্ৰভা শইকীয়া ডাঙৰীয়ানীৰ দেহাৱসান ।

যোৱাকালি গুৱাহাটীত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ।

প্ৰাক্তন শিক্ষক, ৰাজনীতিক প্ৰয়াত ৰোহিতেশ্বৰ শইকীয়া দেৱৰ সহধৰ্মিনী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ভাই বোৱাৰী ক্ষীৰপ্ৰভা শইকীয়া ডাঙৰীয়ানী নাজিৰা সমষ্টিৰ সামাজিক আৰু ৰাজহুৱা জীৱনলৈ যি অৱদান আগবঢ়াই গৈছে ।

সেয়া অঞ্চলবাসীয়ে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰি থাকিব ।

তেওঁৰ আকস্মিক বিয়োগ সমাজখনৰ বাবেও এয়া এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হব ।

আজি শিমলুগুৰিত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

আনহাতে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই ক্ষীৰপ্ৰভা শইকীয়া ডাঙৰীয়ানীৰ মৃত্যুৰ খবৰ পাই গভীৰ ভাৱে মৰ্মাহত হয় ।

ছ’চিয়েল মিডিয়াৰ জড়িয়তে বিধায়ক গৰাকীয়ে কয় যে ক্ষীৰপ্ৰভা শইকীয়া ডাঙৰীয়ানীৰ বিয়োগ আমাৰ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি ।

তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই ।

Related Articles