Gaurav Gogoi: চকলং বিবাহৰ পিছতো গৌৰৱৰ পৰিয়ালে ফুৰালুং বা হিন্দু ধৰ্ম গ্ৰহণ নকৰি কিয় ল’লে খ্ৰীষ্টিয়ান ধৰ্ম

আহোম জনগোষ্ঠীৰ (Gaurav Gogoi) বিশিষ্ট চিন্তাবিদ মেদিনী মোহনৰ বিশেষ ফেচবুক পোষ্টক লৈ ব্যাপক চৰ্চা চলিছে৷ আহোম সমাজৰ ভিতৰত পৰম্পৰা আৰু ধৰ্মীয় পৰিচয় সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপন হৈছে৷ আহোম জনগোষ্ঠীৰ বিশিষ্ট চিন্তাবিদ হিচাপে পৰিচিত মেদিনী মোহনে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা ফেচবুক পোষ্টত এই বিষয়সমূহ উত্থাপন কৰিছে৷ তেওঁ লিখিছে, মই এজন আহোম Revivalist হিচাপে সকলো আহোম নেতাৰ মাজত আত্মীয়তা থকাটো বিচাৰো৷ তেওঁ কয়, ফটোখনত থকা আহোম নেতাসকলৰ ভিতৰত গৌৰৱ গগৈৰ চকলং প্ৰথাৰে বিবাহ সম্পন্ন হোৱাৰ কথা তেওঁৰ জ্ঞাত৷ লগতে তেওঁ উল্লেখ কৰে যে গৌৰৱ গগৈৰ দেউতাক তৰুণ গগৈয়েও একে প্ৰথাৰে বিবাহ কৰিছিল৷ চকলং হৈছে আহোম সমাজৰ পৰম্পৰাগত বিবাহ প্ৰথা৷ মেদিনী মোহনৰ মতে, এই প্ৰথাৰে বিবাহ সম্পন্ন হ’লে সংশ্লিষ্ট পৰিয়ালটোৱে আহোম সংস্কৃতি আৰু ঐতিহ্য মানি চলাটো উচিত৷ তেওঁ কয় যে চকলং প্ৰথাৰে বিবাহিত পত্নী আৰু সন্তানসকলে আহোম পৰিচয় অনুসৰি সমাজে গ্ৰহণ কৰা ধৰ্মসমূহৰ ভিতৰত হিন্দু, বৌদ্ধ, তাও, ফুৰালুং, উপৰিপুৰুষ উপাসক আদিৰ যিকোনো এটা ধৰ্ম ঘোষণা কৰিব পাৰে, আনকি ধৰ্মহীন হিচাপেও থাকিব পাৰে৷ কিন্তু তেওঁ খ্ৰীষ্টান পৰিচয় গ্ৰহণ কৰাৰ বিষয়ত আপত্তি প্ৰকাশ কৰে৷ পোষ্টটোত তেওঁ গৌৰৱ গগৈক উদ্দেশ্য কৰি আহ৩ান জনাই কয় যে পৰিয়ালটোক পুনৰ ‘নিজ পৰম্পৰা [পক থৌং তাই]’লৈ ওভতাই অনাৰ ব্যৱস্থা কৰিব লাগে৷ এই মন্তব্যসমূহ প্ৰকাশ পোৱাৰ পিছত সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে৷ একাংশই এইটো ব্যক্তিগত মত প্ৰকাশ বুলি অভিহিত কৰিছে৷ আনহাতে, আন কিছুমানে পৰম্পৰা সংৰক্ষণৰ যুক্তি উত্থাপন কৰিছে৷

Related Articles