এফালে কৰোনা মহামাৰী ৰোগীৰ আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই যোৱাত প্ৰশাসনে বিভিন্ন জৰুৰী আইন বলৱৎ কৰিছে । মাক্স , ছেনিটাইজাৰ , সামাজিক দূৰত্ব বজাই ৰখা , সান্ধ্য আইন বলৱৎ ইত্যাদিকে আদি কৰি চৰকাৰে কৰোনাৰ বিপক্ষে যুঁজ দি থকাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত আজি পুৱাত দেখা গল গ্ৰাহকৰ সম্পূৰ্ণ ব্যতিক্ৰমী দৃশ্য । আচলতে লাহৰীঘাট বেংকত পূৰ্বৰে পৰা এনে অৱস্থা বহু বাৰ হৈছে , বাতৰিও হৈছে কিন্তু বেংক কতৃপক্ষৰ তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা নাই । প্ৰথমতে বেংকৰ ভিতৰত গ্ৰাহকৰ বাবে বহাৰ আস্থানৰ অভাৱ ।ভূৰবন্ধাৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণত , ভূৰাগাঁৱৰ পূৱে আৰু মৈৰাবাৰীৰ পশ্চিমত এক বৃহৎ জন বহুল অঞ্চলৰ ভিতৰত একমাত্ৰ এটা বেংক যাৰ বৰ্তমান নাম পঞ্জাৱ নেশনেল বেংক । আচল সমস্যা বৰ্তমান গ্ৰাহকৰ লেনদেনৰ পাছবুক তথা টকা উঠোৱা অথবা জমা থোৱা আৰু এটি এম কাৰ্ডৰ পিন কোড আদিৰ কামত গ্ৰাহকে ৰাতি পুৱাৰে পৰাই লাইনত প্ৰখৰ ৰদত থিয় হব লগাত পৰে। ঈদৰ সময় চমু চাপি অহাৰ লগে লগে টকা উঠোৱাৰ ভীৰ বেছি । মুঠতে ইচ্ছা কৰিলে বেংক কতৃপক্ষই গ্ৰাহকৰ সুবিধাৰ্থে আগতীয়াকৈ জনাই দিয়া , গ্ৰাহকৰ বাবে বাহিৰত ত্ৰিপাল আদিৰ ব্যৱস্থা কৰিব লাগে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…