আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি

আজি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথি।

স্বাধীনতা যুঁজৰ অন্যতম সেনাপতি, অসমৰ মুকুট বিহীন সম্ৰাট কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক আজি তেওঁৰ জন্মভূমি উত্তৰ গুৱাহাটী মধ্যমখণ্ডত গভীৰ ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

উত্তৰ গুৱাহাটী সাংবাদিক উদ্যোগত আৰু ঐতিহ্য সংৰক্ষণ সমিতি, অসমৰ সহযোগত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে কৰ্মবীৰৰ ৯০ সংখ্যক মৃত্যু তিথিৰ আয়োজন কৰা হৈছে।

প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত মৃণালিনী দেৱী শিশু নিকেতনৰ প্ৰাংগণত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা স্থানীয় লোকে অংশগ্ৰহণ কৰি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ে দেশ তথা স্বজাতিৰ বাবে কৰা ত্যাগৰ কথা স্মৰণ কৰে।

আৰম্ভণিতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে বৰদলৈৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানৰ আত ধৰে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সহ: সম্পাদক উৎপল তামুলীয়ে।

উল্লেখ্য, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৯০ সংখ্যক মৃত্যু তিথিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে অহা ২৪ ফেব্ৰুৱাৰীত ছাত্ৰী ছাত্ৰীৰ মাজত কৰ্মবীৰৰ ওপৰত এখন বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

Related Articles