আজি মিচিংসকলৰ পৱিত্ৰ উৎসৱ আলি-আঃয়ে-লৃগাং।(Ali aye ligang)
প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে এই কৃষিভিত্তিক উৎসৱ।
পৱিত্ৰ আলি-আঃয়ে-লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-
‘ফাগুনৰ ৰঙেৰে ৰঙীন হৈ উঠিছে প্ৰকৃতি। আগমন ঘটাইছে মিচিং সমাজৰ প্রাণৰ উৎসৱ আলি আ:য়ে লৃগাঙৰ…
কৃষি-সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই পৱিত্ৰ উৎসৱ মিচিং জনজাতিৰ জীৱন-দৰ্শন, পৰিচয় আৰু ঐতিহ্যৰ এক উজ্জ্বল প্ৰতিফলন। ঐক্য আৰু আনন্দৰ এই মধুৰ ক্ষণত মিচিং ভাই-ভনীসকললৈ জনাইছোঁ আলি আ:য়ে লৃগাঙৰ অলেখ শুভকামনা।’

