ডবকাত যুৱকক জেললৈ প্ৰেৰণ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া

এগৰাকী প্ৰাপ্ত বয়স্ক যুৱতীয়ে নিজৰ ইচ্ছাৰে এজন যুৱকৰ সৈতে পলাই যোৱাৰ পিছত পৰৱৰ্তী আৰক্ষীয়ে যুৱক-যুৱতীক উদ্ধাৰ কৰি যুৱকৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰজু কৰি জেলত প্ৰেৰণ কৰাক লৈ ডবকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি ডবকা থানাৰ অন্তৰ্গত ভেলৌগুৰি পথাৰৰ জনৈক জাকিৰৰ কন্যা আৰু চাংমাজী মিকিৰ পথাৰ গাঁৱৰ ৰাজীব আহমদ নামৰ এহাল যুৱক-যুৱতী যোৱা ১ মে’ৰ পৰাই ঘৰৰ পৰা অন্তৰ্ধান হয় ৷ পৰৱৰ্তী যুৱক-যুৱতীহালে গুৱাহাটীৰ এখন হোটেলত আশ্ৰয় লয় ৷ ঘটনা সম্পৰ্কত যুৱতী গৰাকীৰ পিতৃয়ে তেওঁৰ ‘নাবালিকা’ কন্যাক অপহৰণ কৰি লৈ যোৱা বুলি ডবকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে অপহৰণসহ কেবাটাও ধাৰাত ২০১/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷ তদন্তৰ মাজতে যোৱা নিশা গুৱাহাটী আৰক্ষীৰ সহযোগত অন্তৰ্ধান হোৱা যুৱক-যুৱতীক উদ্ধাৰ কৰি ডবকা আৰক্ষীয়ে নিজৰ জিম্মাত লয় ৷ আজি যুৱকজনক ডবকা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে যুৱতী গৰাকীক জবানবন্দী লিপিৱদ্ধ কৰিবলৈ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ ইপিনে, যুৱকজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰাত ডবকাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যুৱকজনৰ পৰিয়ালৰ লোকে কৰা অভিযোগ মতে, যুৱক-যুৱতীৰ মাজত দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক চলি আছে ৷ আনকি কিছু বছৰ পূৰ্বে সেই একে গৰাকী যুৱতী ঘৰৰ পৰা পলাই আহি যুৱকজনৰ ঘৰত উপস্থিত হৈছিল ৷ তেতিয়াই সমাজৰ লোকে যুৱতীগৰাকী প্ৰাপ্তবয়স্ক নোহোৱাত পিতৃৰ ওচৰত চমজাই দিয়া হৈছিল ৷ ইতিমধ্যে ওঠৰ বছৰ সম্পূৰ্ণ কৰা যুৱতীগৰাকীৰ পৰিয়ালে যুৱকজনৰ লগত বিয়া নিদিয়াৰ কথা কোৱাত যোৱা ১ মে’ৰ দিনা দুয়ো ঘৰৰ পৰা অন্তৰ্ধান হয় ৷ এইহাল যুৱক-যুৱতীৰ মাজত দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক চলি থকাৰ প্ৰমাণ হিচাপে যুৱকজনৰ পৰিয়ালৰ লোকে দুয়োৰ কিছু অন্তৰঙ্গ মুহূৰ্তৰ ফটোও সংবাদ মাধ্যমৰ লোকক প্ৰদৰ্শন কৰে ৷ লগতে যুৱতী গৰাকী যে সাবালক, তাৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ থকা আধাৰ কাৰ্ডো যুৱকৰ পৰিয়ালে প্ৰদৰ্শন কৰে ৷ দুয়ো নিজৰ সন্মতিতে ঘৰৰ পৰা পলাইছিল, দুয়োৰে মোবাইল নম্বৰ পৰীক্ষা কৰিলে বহু কথা জলজল-পটপট হৈ ওলাই পৰিব ৷ এহাল প্ৰাপ্ত বয়স্ক যুৱক-যুৱতীয়ে নিজৰ পছন্দ অনুযায়ী বিবাহপাশত আৱদ্ধ হব পাৰে, এই সম্পৰ্কে দেশৰ উচ্চতম ন্যায়ালয়ে বহুকেইটা নিৰ্দেশ দি থৈছে ৷ তাৰ মাজতে ডবকা আৰক্ষীয়ে এগৰাকী প্ৰেমিক যুৱকৰ বিৰুদ্ধে মাৰাত্মক ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা সহজভাৱে লোৱা নাই ৷

Related Articles