গোলাঘাটত পুনৰ দুজনৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু। আজিলৈকে মৃতকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি ।গোলাঘাট জিলা ক’ভিড চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ নিশা এজনৰ মৃত্যু হোৱা বিপৰীতে আজি পুৱা আন এজন ৰোগীৰ মৃত্যু হয়। উল্লেখ্য যে গোলাঘাট জিলা কাজিৰঙা দ গাঁৱৰ তোলন গগৈ নামৰ ৩৫ বছৰীয় লোকজন নিশা ১১.৫০ বজাত ক’ভিডত আক্ৰান্ত হোৱাত কভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও ১:৪৫ বজাত লোকজনৰ মৃত্যু হয়। আনহাতে আজি পুৱা গোলাঘাট লাইফ লাইন চিকিৎসালয় সমীপৰ নিবাসী ভৱেন্দ্ৰ শৰ্মা নামৰ লোকজন পুৱা কভিড চিকিৎসালয়ত মৃত্য হয়। বৰ্তমান গোলাঘাটত কভিডত আক্ৰান্ত হৈ মৃত্যু লোকৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পোৱাৰ লগতে কালিলৈকে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ১২৩৫ জন হৈছে।

