বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ছেলাইখাতিৰ লগতে পাৰ্শ্বৱৰ্তী এলেকা সমুহৰ ৰাইজে ক’ৰোনা মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিবাহ অনুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠান সমুহ আয়োজন কৰাৰ পৰা সম্পুৰ্ণ ৰূপে বিৰত আছে ৷ সম্প্ৰতি ক’ভিড-১৯ দ্বিতীয়টো ঢৌৱে মৃত্যুৰ বিভিষিকা সৃষ্টিত এতিয়া গাঁৱৰ পৰিৱেশতো গঞা ৰাইজ আতংকিত হোৱা দেখা গৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ দিনৰ ২ বজাৰ পৰা বন্ধৰ ঘোষনা কৰিছে ৷ লগতে শিক্ষানুষ্ঠান সমুহ বন্ধ ৰাখিছে। ইয়াৰ উপৰিও সকলো কাৰ্যালয় ২ বজাৰ পৰাই বন্ধ থকাৰ নিৰ্দেশনা জাৰি কৰিছে ৷বিবাহৰ অনুষ্ঠান হলে ২০ জন লোকৰ হে উপস্থিতিৰ অনুমতি আছে ৷ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ বাবে অভ্যৰ্থনাৰ অনুমতি নাই বুলি জানিব পৰা গৈছে ৷আনহাতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ থাকাত চৌদিশে জনশূণ্য পৰিৱেশ ৷অসম অৰুণাচল সীমান্তৱৰ্তীৰ বৃহত্তৰ এলেকাকে ধৰি মহজুলি পথাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ দিনৰ ২ বজাৰ পৰাই বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷আনহাতে ঠায়ে ঠায়ে কভিদ১৯ৰ উদ্বেগজনক পৰিস্থিতিক লৈ বিশেষ সজাগতামুলক কাৰ্যসুচীও ৰূপায়ণ কৰাৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ সচেতন লোকসকলক সজাগতা অনা পৰিলক্ষিত হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…