গোলাঘাটত এইপৰ্যন্ত এক ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই। সমান্তৰালকৈ পুনৰ দুজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । জানিব পৰা মতে, গোলাঘাট মহিমা চাহ বাগিচাৰ ৪৪ বছৰীয়া এজন লোক ক’ভিডত আক্ৰান্ত হোৱাত আজি পুৱাতে ক’ভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও লগে লগে চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ। আনহাতে গোলাঘাট বেঙেনাখোৱাৰ ৫৮ বছৰীয়া এগৰাকী মহিলা আজি পুৱা মৃত্যু হয়। মহিলা গৰাকী বৃহস্পতিবাৰে নিশা ১০ বজাত ক’ভিড আক্ৰান্ত হোৱাত ক’ভিড চিকিৎসালয় ভৰ্তি কৰাইছিল যদিও চিকিৎসালয়তে মহিলাগৰাকীৰ আজি পুৱা সাত বজাত মৃত্যু হয়। গোলাঘাটত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হয়।সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি ৰাখি প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জিলাখনত কালি দুটাকৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।কন্টেইমেন্ট জ’ন ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে ৰাজগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ,দক্ষিণে কাৰ্বি আংলং জিলাৰ দুৱাৰ বাগৰি মৌজা , পূবে বিহৰা চাহ বাগিচা আৰু পশ্চিমে লখৌজান চাহ বাগিচাক এই কন্টেইমেন্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ -প্ৰস্থানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।একেদৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰকো কন্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। উত্তৰে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ১ নং গেট ,দক্ষিণে পিটিচি তিনিআলিৰ সমীপৰ অসম আৰক্ষীৰ পুৰণা প্লেয়াৰ বেৰেক , পূবে কেন্দ্ৰৰ অধ্যক্ষৰ কাৰ্যালয় আৰু ফেমেলি লাইন কেম্পাছ আৰু পশ্চিমে ৰিক্ৰুইট ট্ৰেইনিং চেন্টাৰ চাৰিআলি কন্টেইমেন্ট জ’নৰ সীমা হিচাবে নিৰ্ধাৰণ কৰা হৈছে। অঞ্চলটোত অকৰ্তত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…