সমগ্ৰ ৰাজ্যজুৰি ক’ৰোনাই ধাৰণ কৰিছে তীব্ৰ ভয়াবহ ৰূপ |মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাৰ সংক্ৰমণৰ ঘটনা| ইয়াৰ পিছতো যেন কানসাৰ নাই মাৰ্ঘেৰিটাৰ নগৰৰ একাংশ লোকৰ | নাই মাস্ক , নাই সামাজিক দূৰত্ব|একাংশ লোকৰ এনে ব্যৱহাৰে সচেতন মহলক চিন্তিত কৰি তুলিছে| ইয়াৰ মাজতে আজি ক’ভিড প’টকল অমান্য কৰি মাস্ক পৰিধান নকৰা নগৰখনৰ একাংশৰ দোকানী আৰু বজাৰত বিনা কামত টিঘিল ঘিলাই থকা লোকৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ মহকুমাৰ চক্ৰ বিষয়া সোনবৰ চুতিয়া নেতৃত্বত আৰক্ষীয়ে অভযান চলায়| অভিযানকাৰী দলটোৱে মাৰ্ঘেৰিটাৰ নগৰৰ নদী দুয়োপাৰৰ দৈনিক বজাৰৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত এই অভিযান চলায়| অভিযান কালত ক’ভিড প’টকল ভংগকাৰী কোনো লোককে জৰিমণা বিহা হোৱা নাই যদিও সকলোকে নিজৰ সুৰক্ষাৰ বাবে মাস্ক পৰিধান কৰিবলৈ মহকুমাৰ চক্ৰ বিষয়া গৰাকীয়ে আহ্বান জনায়|মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনৰ তৰফৰ পৰা ক’ভিড পটকল ভংগকাৰী বিৰুদ্ধে চলোৱা এই অভিযানত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে|
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…