বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মইনাগুৰিত আজি সশস্ত্ৰ সীমা বলে বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ কৰে। এখন এএছ-১৯চি-৫২০২ নম্বৰৰ আৰু আন এখন নম্বৰবিহিন টাটা ম’বাইল গাড়ীৰে কঢ়িয়াই আনি থকা অৱস্থাত এছএছবিৰ জোৱানে জব্দ কৰে কাঠৰ কুণ্ডাসহ গাড়ী দুখন। পিছত বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ত দুয়োখন গাড়ী কাঠসহ জমা দিয়ে সশস্ত্ৰ সীমা বলে ৷ বনাঞ্চলিক বিষয়া গৰাকীয়ে জব্দ কৰা কাঠৰ কুণ্ডা সমূহৰ আনুমানিক মূল্য ২৬ হাজাৰ টকাৰ হ’ব বুলি কৈছে যদিও প্ৰত্যক্ষদৰ্শীয়ে ইয়াৰ প্ৰকৃত মূল্য ২ লক্ষাধিক হ’ব বুলি সাংবাদিকক জনায় ৷ উল্লেখ্য যে খবৰ পাই সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে-লগে বাটাবাৰী ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কিছু বিবুদ্ধিত পৰা পৰিলক্ষিত হোৱাৰ লগতে কোনো ধৰণৰ মন্তব্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত সাংবাদিকৰ প্ৰৱল হেঁচাত তেওঁ যেনেতেনে কিছু গা এৰা ধৰণৰ মন্তব্য আগবঢ়ায় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…