ফাগুনৰ শুষ্কতাত নাজল-নাথল অৱস্থা অসমবাসীৰঃ গুৱাহাটীকে ধৰি ৰাজ্যত হ’ব বৰষুণ

পলাশ-শিমলুৱে ৰঙাইছে অসমৰ প্ৰকৃতি৷ ফাগুনৰ আঁচল ধৰি আকাশ ছানিছে ধূলিৰ আচ্ছাদনেও৷ সেয়ে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া বায়ু প্ৰদূষণ লক্ষণীয় হাৰত বৃদ্ধি পাইছে৷ বিশেষকৈ কংক্ৰিটৰ অৰণ্যই ঘেৰি ৰখা ভয়াৱহ বায়ু প্ৰদূষণৰ কৱলত গুৱাহাটী মহানগৰী৷ নিৰ্মাণ কাৰ্যৰ ধূলি,যান-বাহনৰ ধোঁৱাই ভয়ংকৰভাৱে প্ৰদূষিত কৰি তুলিছে গুৱাহাটীৰ বায়ুমণ্ডল৷ চলিত মাহত বায়ুৰ মান সূচকাংক বেয়ালৈ গতি কৰিছে৷ এনে সময়তে সকলোৱে বিচাৰিছে এজাক বৰষুণ৷ আগন্তুক পাঁচ দিনত উত্তৰ-পূৰ্বাঞ্চল তথা অসমত বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ অসমৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও গুৱাহাটী আৰু গুৱাহাটীৰ পাশ্বৰ্ৱৰ্তী অঞ্চলবোৰ বতৰ ডাৱৰীয়াহে হৈ থকাৰ সম্ভাৱনা আছে৷

ইপিনে গুৱাহাটীত ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক ২৯৪লৈ বৃদ্ধি পাইছে৷ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত বায়ুৰ মান সূচকাংক ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ ১০০-২০০ ভিতৰত [সন্তোষজনক] আছে যদিও পহিলা ফেব্ৰুৱাৰীৰ পৰা তিনি ফেব্ৰুৱাৰীলৈ আৰু ১২-১৬ ফেব্ৰুৱাৰীলৈ বায়ুৰ মান সূচকাংক ২০০-৩০০ ৰ [বেয়া] ভিতৰত আছে৷ মহানগৰীখনত ১৬ ফেব্ৰুৱাৰীত বায়ুৰ মান সূচকাংক সৰ্বাধিক ২৯৪লৈ বৃদ্ধি পাইছিল৷ গুৱাহাটীৰ প্ৰদূষণ সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মুখ্য পৰিৱেশ বিজ্ঞানী ড॰ গৌতম কুমাৰ মিশ্ৰই কয়, ‘জানুৱাৰীৰ পৰা মাৰ্চলৈ শুকান বতৰৰ বাবে প্ৰতি বছৰে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হয়৷

এইবাৰো তাৰ ব্যতিক্ৰম নহয় যদিও পূৰ্বৰ দুই-তিনি বছৰৰ তুলনাত বায়ু মান সূচকাংক উন্নত হৈছে ৷ বায়ুৰ মান সূচকাংক [১০০-৩০০] সন্তোষজনক পৰা বেয়া এইখিনিৰ ভিতৰতে আছে৷ বৰষুণ হ’লে বায়ুৰ প্ৰদূষণ হ্ৰাস পাব৷ গুৱাহাটীৰ বিভিন্ন স্থানত হৈ থকা নিৰ্মাণ কাৰ্য, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি উৰি আহিও গুৱাহাটীৰ পৰিৱেশ দূষিত হোৱাত ইন্ধন যোগাইছে৷’ পৰিৱেশ বিজ্ঞানীগৰাকীয়ে পুনৰ কয়, ‘দুই-এজাক বৰষুণ আহিলে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব যদিও মাৰ্চলৈ বায়ুৰ মান সূচকাংক [১০০-৩০০] সন্তোষজনক পৰা বেয়া এইখিনিৰ ভিতৰতে থাকিব৷

এপ্ৰিলৰ পৰা এই বায়ু প্ৰদূষণৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে৷’ তেওঁ লগতে কয়, ‘মহানগৰীৰ বামুণীমৈদামত বায়ু প্ৰদূষণৰ মাত্ৰা বেছি পোৱা গৈছে৷ নিৰ্মাণ কাৰ্যৰ কাম ঢাকি লৈ কৰা, সময়ে সময়ে দিনটোত পানী ছটিওৱা আদি কামবোৰ বিভাগীয় কতৃৰ্পক্ষই কৰিব লাগে৷ কিন্তু এইবোৰ নকৰাৰ বাবেও প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ৷ অসমত বায়ু প্ৰদূষণত পিএম ১০ আৰু ২.প্ত ধূলিকণাৰ মাত্ৰা অধিক৷ এই ধূলিকণাবোৰ অতি ক্ষতিকাৰক৷ সেইবোৰ নাকেৰে সোমাই যোৱাৰ সম্ভাৱনা অধিক৷ সেয়ে ৰাইজে এই সময়ছোৱাত মাক্স পৰিধান কৰিব লাগে৷ অযথা ঘৰৰ পৰা বাহিৰত ওলাই আহিব নালাগে৷’

Related Articles