দেশ তথা ৰাজ্যত কৰোণাৰ সংহাৰ অব্যাহত, প্ৰতিদিনে মৃত্যু হৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। ৰাজ্যত কৰোণাৰ দ্বিতীয়টো ঢৌয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে যাৰ বাবে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কভিড’১৯ টিকাকৰণ অভিযান আৰম্ভ কৰিছে। আজি পুৱাৰে পৰা নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ দীঘলীয়া শাৰী পতাৰ দৃশ্য পৰিলক্ষিত হয়। অনলাইন পঞ্জীয়ন কৰি ভেকচিন থলীত দীঘলীয়া শাৰী পাতি সামাজিক দূৰত্ব নৰখাকৈ ঘন্টাৰ পাছত ঘন্টা ধৰি আশাৰে ৰৈ আছিল বহু লোক পিছে ভেকচিন নাপাই অহা বাটেৰে উভতি গল বহুতে। জানিব পৰা মতে অনলাইনত পঞ্জীয়ন কৰিলেই নাপাব ভেকচিন, কভিড ভেকচিন লবলৈ হলে অনলাইন পঞ্জীয়ন কৰাৰ লগতে আগতীয়াকৈ কৰিব লাগিব বুকিং। বিষয়টো লৈ ভেকচিন থলীত বঞ্চিত হিতাধিকাৰীৰ মাজত যথেষ্ট অসন্তুষ্টিৰ পৰিলক্ষিত হয়। অজ্ঞাতাৰ বাবেই আগতীয়াকৈ বুকিং নথকা সকলে ঘন্টাৰ পিছত ঘন্টা ধৰি আশাৰে ৰৈ থাকি অৱশেষত দুখে-বেজাৰে ঘৰমুৱা হবলগীয়া হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি পুনৰ ছমাহৰ পিছত ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ…
- আজি পবিত্ৰ অক্ষয় তৃতীয়া। দেৱী লক্ষ্মীক সন্তুষ্ট কৰি ধনী হোৱাৰ সোণালী সুযোগ, মাত্ৰ কৰিব লাগিব এটা কাম…
- ন্যায় পাবনে পংখীয়ে? পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আটাছুৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ, নিষ্ঠুৰ নীতিকেশ দাসক ফাঁচীৰ দাবী…
- উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত পুনৰ আৰম্ভ ফেৰী সেৱা…
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…
- ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সফলতা…
- উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…