অসম বিধানসভা নিৰ্বাচন-২০২৬ঃ ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

ৰাজ্যত ক্ৰমে উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এপিনে বিৰোধীয়ে বিজেপি মিত্ৰজোঁটক প্ৰতিহত কৰিবলৈ কঁকালত টঙালি বান্ধিছে, আনপিনে বিজেপি মিত্ৰজোঁটেও নিত্য-নতুন কৌশলেৰে ক্ষমতা পুনৰ নিজৰ হাতত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে৷ অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা এতিয়াও হোৱা নাই৷ ইয়াৰ মাজতে ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে৷ মঙলবাৰে সন্ধিয়া নতুন দিল্লীৰ ৫১ লোধী ইষ্টেটস্থিত কাৰ্যালয়ৰ পৰা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্ৰথমখন তালিকা ঘোষণা কৰে৷ কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীৰ এই প্ৰথমখন তালিকাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ চমক৷ যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছে ২০২৬ৰ বাবে প্ৰক্ষেপ কৰিছে গৌৰৱ গগৈক ৷ যিটো কংগ্ৰেছ দলৰ উজনি অসমত এক শক্তিশেল হিচাপে বিবেচিত হৈছে৷ ২০২৪১ বিধানসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পিছত গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বিতাই যোৰহাট সমষ্টিক ২০২৬ৰ নিৰ্বাচনী ৰণৰ সবাতোকৈ হাই প্ৰফাইল সমষ্টি কৰি তুলিব সেয়া নিশ্চিত৷ নিশ্চিতভাৱে যোৰহাট এইবাৰ নিৰ্বাচনত হ’ব ৰাজ্যৰ অন্যতম উত্তেজনাপূৰ্ণ ৰণক্ষেত্ৰ৷

প্ৰথমখন তালিকাত প্ৰাধান্য পাইছে নতুন আৰু যুৱ মুখে৷ ঘোষিত প্ৰথমখন তালিকাৰ ৪২জনৰ ভিতৰত ১৮জনেই নতুন মুখ৷ তালিকাখন এনেধৰণৰ- গোৱালপাৰা পশ্চিম [জনজাতি] মাৰ্কলিন মাৰাক, বঙাইগাঁও গিৰীশ বৰুৱা, বৰপেটা মহানন্দ সৰকাৰ, বকো ছয়গাঁও ৰমেন সিং ৰাভা, ৰহা উৎপল বণিয়া, বিহপুৰীয়া নাৰায়ণ ভূঞা [ৰাম ভূঞা], জোনাই ৰাজ কুমাৰ মেদক, মাৰ্ঘেৰিটা প্ৰতীক বৰদলৈ, চাবুৱা-লাহোৱাল প্ৰাঞ্জল ঘাটোৱাৰ, সোণাৰি উৎপল গগৈ, ডিমৌ অজয় কুমাৰ গগৈ, মাজুলী ইন্দ্ৰনীল পেগু, বোকাজান ৰতন ইংতি, ৰংখাং আগষ্টাইন ইংহি, শিলচৰ অভিজিত পাল, লক্ষীপুৰ ডাঃ এম শান্তি কুমাৰ সিন্‌হা, বৰখলা ডাঃ অমিত কুমাৰ কালোৱাৰ, উত্তৰ কৰিমগঞ্জ জাকাৰিয়া আহমেদ, ৰামকৃষ্ণ নগৰ সুৰুচি ৰায়, চামগুৰি তাঞ্জিল হুছেইন৷

Related Articles