মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা

আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক লৈ মৰিয়নি সমষ্টিত ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে। এইবাৰ মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড° জ্ঞানশ্ৰী বৰাই। তেওঁ সমষ্টিটোত প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰি ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক যোগাযোগ আৰম্ভ কৰিছে।

মঙ্গলবাৰে মৰিয়নিৰ বিভিন্ন অনুষ্ঠান আৰু অঞ্চলত উপস্থিত হৈ বৰাই স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। এই সময়ত তেওঁ কয় যে মৰিয়নিৰ উন্নয়ন আৰু সমস্যাসমূহ বিধানসভাৰ মজিয়াত দৃঢ়ভাৱে উত্থাপন কৰাটো তেওঁৰ প্ৰধান লক্ষ্য হ’ব।

তেওঁ অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰী ধনৰ অপচয় কৰি বিয়া-সবাহ খাই ফুৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ সমস্যাসমূহ বিধানসভাত শক্তভাৱে উত্থাপন কৰাটো এজন বিধায়কৰ দায়িত্ব। সেই দায়িত্ব পালন কৰাৰ লক্ষ্য লৈয়ে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

ইফালে সংবাদ মাধ্যমৰ আগত বৰাই কয় যে এইবাৰ তেওঁৰ মুখ্য প্ৰতিদ্বন্দ্বী হ’ব মৰিয়নি সমষ্টিৰ বৰ্তমান বিধায়ক ৰূপজ্যোতি কুৰ্মী। লগতে তেওঁ ৰাইজক আহ্বান জনাই কয় যে বিধানসভাত সঠিকভাৱে মাত মাতিব পৰা এজন যোগ্য প্ৰাৰ্থীক ভোট দি সমষ্টিৰ উন্নয়ন নিশ্চিত কৰক।

Related Articles