বিটিআৰ’ৰ ওদালগুৰি জিলাত যিবোৰ নতুন পৰিয়ালৰ মাজত পৰিয়াল পৰিচয় পত্ৰ বিতৰণ কৰা হৈছে তাত অসমীয়া ভাষাক এলাগি কৰি বড়ো আৰু বাঙালী ভাষাহে ব্যৱহাৰ কৰা হৈছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাই ওদালগুৰি জিলা উপায়ুক্তৰ জৰিয়তে বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ ১৩মেত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে।জিলা সমিতিৰ সভাপতি কন্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মন্টু কুমাৰ তালুকদাৰে স্মাৰক পত্ৰত উল্লেখ কৰি কয়- বিটিআৰ’ৰ দ্বিতীয় জিলা ওদালগুৰিত পৰিয়াল পৰিচয় পত্ৰত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক অসমীয়া ভাষাটোক বিটিআৰ চৰকাৰে অবহেলা কৰাত আমি সংগঠন হিচাপে দুখ প্ৰকাশ কৰিছোঁ আৰু বৰ্তমান সময়ত এয়া এক উদ্বেগজনক ,প্ৰৰোচনামূলক কথা।সেয়ে বিটিআৰ প্ৰশাসনে অতি স্পৰ্ষকাতৰ বিষয়টো গুৰুত্ব সহকাৰে মৰ্যদা অক্ষুন্ন ৰাখি অসমীয়া ভাষা সন্নিবিষ্ট কৰি নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ ছপা কৰি বিতৰণ কৰিবলৈ দাবী জনাই।অন্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে গনতান্ত্ৰিকভাবে তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি ১৩মেত স্মাৰক পত্ৰ যোগে বিটিআৰ প্ৰধানলৈ সকিয়াই দিয়ে।

