হৃদয়বিদাৰক! নগাঁও জিলাৰ বঢ়মপুৰত ২০ টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ বঢ়মপুৰত এক কৰুণ ঘটনা।বামুনী পাহাৰৰ দুৰ্গম ওখ চুৰাটত এটা বনৰীয়া হাতীৰ জাকৰ মৃত্যু।

প্ৰায় ২০ টাকৈ হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।প্ৰাৰ্থমিক অনুসন্ধানত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা বুলি জানিব দিয়ে বনবিভাগে।

নগাঁৱৰ বন বিভাগে আজি বিয়লি গ্ৰামাঞ্চলৰ লোকৰ পৰা জানিব পাৰি পাহাৰটোত অনুসন্ধান কৰাৰ ব্যবস্থা কৰিছিল।অতি দুৰ্গম স্থান হোৱাৰ বাবে বনবিভাগও বহু অসুবিধাৰ সন্মুখীন হয়।

উল্লেখ্য যে, বঢ়মপুৰত প্ৰকৃতিৰ বুকুত ২০ টাকৈ হাতী হেৰাই যোৱা সন্দৰ্ভত তেজপুৰৰ প্ৰকৃতি প্ৰেমী দিলিপ নাথে চি বি আইৰ তদন্তৰ আহ্বান অসম চৰকাৰক।

আনহাতে, নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত বজ্ৰপাতৰ ফলত ২০টা বন্যহস্তীৰ কৰুণ মৃত্যুৰ বাতৰি অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে। বন্যপ্ৰাণীৰে সমৃদ্ধ আমাৰ বনাঞ্চলৰ বাবে এয়া এক বৃহৎ ক্ষতি বুলি তেওঁ কয়।

Related Articles