দুমুনীচকীৰ ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ঘৰতে পালন কৰিলে পবিত্ৰ ঈদ উল ফিতিৰৰ নামাজ

আজি পবিত্ৰ ঈদ-উল-ফিটৰ। এমাহ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল এক নিমাও মাও পৰিবেশ। ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই প্ৰতি গৰাকী ইছলাম ধৰ্মালম্বী লোকে ঘৰুৱাভাবে আদায় কৰিলে ঈদৰ নামাজ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক মাৰুৱাচকী ইদগাহ ময়দানত কোনো  লোক উপস্থিত নোহোৱা পৰিলক্ষিত হৈছে। ইয়াৰ  বিপৰীতে ঘৰৰ পৰাই ঈদৰ নামাজ আদায় কৰিছে বুলি জানিব পৰা গৈছে।যাৰবাবে বৃহত্তৰ দুমুনীচকী অঞ্চলৰ ৰাইজৰ একমাত্ৰ ইদগাহ ময়দানত সূচনা হৈছে এক নিমাওমাও পৰিবেশ।

Related Articles