শুৱালকুছি ত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ আক্ৰমণত আহত সাংবাদিক

 বস্ত্ৰনগৰী শুৱালকুছি ত দিনক দিনে বান্দৰৰ উপদ্ৰৱ ব্যৃদ্ধি পোৱাত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। গাওঁ খনত ব্যৃদ্ধি পোৱা বান্দৰৰ আক্ৰমণ প্ৰতাক্ৰমন ত কেবাজনো লোক আহত হোৱাৰ লগতে বস্ত্ৰনগৰী শুৱালকুছি ত কিছু বছৰ পূৰ্বে এজন লোক তিনিমহলীয়া অট্টালিকা ৰ পৰা নিহত পৰ্য্যন্ত হৈছিল। শেহতীয়াকৈ  এজাক বান্দৰৰ আক্ৰমণ ত অট্টালিকা ৰ পৰা পৰি শুৱালকুছি প্ৰেছ ক্লাবৰ পদ্ম তথা গুৱাহাটী ৰ পৰা প্ৰকাশিত দৈনন্দিন বাৰ্তা কাকতৰ শুৱালকুছি স্থ সাংবাদিক হৰেন চন্দ্ৰ বৈশ্য ৰ সো ভৰি ভাগি আহত হয়। স্থানীয় ৰাইজে ভয়াবহ ভাবে বাঢ়ি অহা বান্দৰৰ উপদ্ৰৱ ৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে অন্য থা আৰু অধিক ভয়াবহ অৱস্থাৰ সৃষ্টি হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Related Articles