কংগ্ৰেছত গৃহকন্দলঃ গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ

কংগ্ৰেছত গৃহকন্দল!

গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰদ্যুৎ বৰদলৈৰ।

কংগ্ৰেছ এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।

দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ হাইকমাণ্ডলৈ।

ড০ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা।

আছিফ নজৰক টিকট দি ফৰিদুলক বাদ দিলেই কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈয়ে।

গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি আজি দিল্লীলৈ ৰাওনা প্ৰদ্যুৎ বৰদলৈ।

দিল্লীলৈ যাব কংগ্ৰেছৰ উপ-সভাপতি তথা টিকট বঞ্চিত নৱ তালুকদাৰ।

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত অব্যাহত গৃহকন্দল।

আনহাতে কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈৰ বিদ্ৰোহৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মোৰ ভৱিষ্যদ্বাণীত মই অটল আছোঁ। প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে। বৰদলৈক যি কেইজন যুৱকে হত্যা কৰিব খুজিছিল সেইকেইজনক দলৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। প্ৰদ্যুৎ বৰদলৈৰে মই ১৫ বছৰ কাম কৰিছোঁ। প্ৰদ্যুৎ বৰদলৈৰ স্বাভিমান এটা আছে। কংগ্ৰেছত নিজৰ স্বাভিমান বন্ধকত থৈ কাম কৰি আছে।

Related Articles