অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি…

অসমত শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছ তথা মিত্ৰজোঁটৰ অংশীদাৰী দল অগপ, বিপিএফ আৰু এআইইউডিএফ, বাঁওপন্থী আৰু ইউপিপিএলৰ দৰে আঞ্চলিক দলৰ মাজত আন এক তীব্ৰ যুঁজৰ বাবে সাজু প্ৰতিটো ৰাজনৈতিক দল হৈছে৷ উল্লেখ্য, বিগত ১০ বছৰে কংগ্ৰেছে ৰাজ্যৰ বিৰোধী পক্ষত থকাৰ বিপৰীতে বিজেপিয়ে দুটা কাৰ্যকালৰ বাবে ক্ষমতাত থাকিল৷ প্ৰথম কাৰ্যকালত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে দ্বিতীয় কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ নেতৃত্ব দিছে৷ শৰ্মাক নেতৃত্বত লৈ পুনৰবাৰ নিৰ্বাচনলৈ ওলাইছে বিজেপি৷ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে ৰাজ্যখনে একক পৰ্যায়ত ভোটদান কৰিব৷ ৰাজ্য পুনৰ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত ৰাজনৈতিক যুঁজৰ সাক্ষী হ’ব৷

ৰাজ্যৰ বিধানসভাত ১২৬খন আসন আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে আসন পাব লাগিত ৬৪খন৷ ইচিআইৰ তথ্য অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি, য’ত প্ৰায় ৰ.২৫ কোটি পুৰুষ ভোটাৰ, ৰ.২৫ কোটি মহিলা ভোটাৰ, আৰু ৩৪৩জন তৃতীয় লিংগৰ ভোটাৰ আছে৷ অসমত নিৰ্বাচনৰ বাবে ১৬ মাৰ্চত অধিসূচনা জাৰি কৰাৰ লগতে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মাৰ্চ, মনোনয়ন-পত্ৰ পৰীক্ষাৰ তাৰিখ ২৪ মাৰ্চ, প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ চ্ছ মাৰ্চ, ৯ এপ্ৰিলত ভোটদান, ৪ মে’ত গণনা, ৬ মে’ত সম্পূৰ্ণ হ’ব নিৰ্বাচন৷

উল্লেখ্য, অসমৰ ১২৬খন বিধানসভা আসনৰ ভোটগণনা ৪ মে’ত হ’ব৷ বিগত বিধানসভা নিৰ্বাচনত ২ মে’ত ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ ফলাফল৷ এইবাৰ অসমত মূল প্ৰাৰ্থীৰ ভিতৰত আছে হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ, ৰি?ত দাস, অতুল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু, অশোক সিংহল, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা, পীয়ূষ হাজৰিকা, অজন্তা নেওগ, অখিল গগৈ, লুৰীণজ্যোতি গগৈকে ধৰি বহু প্ৰাৰ্থী৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৯খন আসন লাভ কৰিছিল৷ অগপই ৯ খন, ইউপিপিএলে ৬খন, বিপিএফে ৪ খন আৰু এআইইউডিএফে ১৫খন আসনত জয়লাভ কৰিছিল৷

Related Articles