শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ১২ কোটি ২৩ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া শিৱসাগৰ আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিছত স্থানীয় আৱৰ্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি অখিল গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে৷ বিধায়ক গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈৰ অহংকাৰ আৰু ৰকিবুল হুছেইনৰ দম্ভালিৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ মাজত মিত্ৰতা সম্পন্ন নোহোৱা বুলি গগৈয়ে জানিবলৈ দিয়ে৷ কংগ্ৰেছ দলে ৰাইজৰ দলক ‘ৰাম ঠগন’ দিয়া বুলি উল্লেখ কৰি কয় যে পোন্ধৰখন আসনৰ পৰা তেৰখন আসনলৈ বুজাপৰাৰ প্ৰস্তাৱ দিয়াৰ পিছতো দৈনিক নিত্য-নতুন চৰ্ত আৰোপ কৰা কংগ্ৰেছ দলে মিত্ৰতাৰ নামত আমাৰ মূল্যৱান সময় নষ্ট কৰিলে৷
য’ত আমি পোন্ধৰটা সমষ্টিৰ বাবে প্ৰস্তুত হৈছিলো এতিয়া আমি অধিক সমষ্টিৰ বাবে প্ৰস্তুতি চলাব লগা হৈছে৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নোহোৱাৰ ফলত আমাৰ নতুন নতুন দুৱাৰ মুকলি হৈছে বুলি অখিল গগৈয়ে উল্লেখ কৰি অনাগত দিনত বহু দল আৰু নেতৃত্বই ৰাইজৰ দলত যোগদান নিশ্চিত কৰিছে৷ ফলত আমি কংগ্ৰেছৰ লগত থকা হ’লে প্তখন আসন লাভ কৰাৰ বিপৰীতে এতিয়া বহু বেছি আসন লাভ কৰিবলৈ সক্ষম হ’ম৷ আমি বিজেপি দলক প্ৰতিৰোধ কৰিবৰ বাবে মিত্ৰতাৰ পোষকতা কৰিছিলো৷ কিন্তু কংগ্ৰেছ দলৰ হঠকাৰিতাৰ বিপৰীতে আমি বিজেপি দলক পৰাভূত কৰাৰ লক্ষ্য আগত ৰাখি কাম কৰাৰ চেষ্টা কৰিছো৷ ৰাইজৰ দলে এতিয়ালৈকে ৬৪টা সমষ্টিত প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে৷
কিন্তু তথাপি ৰাইজৰ দলে বিজেপি দলক পৰাভূত কৰাৰ স্বাৰ্থত কোনো কোনো সমষ্টিত কংগ্ৰেছ দলৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান নকৰে৷ আজিৰ সংবাদ মেলত গগৈয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবে ৰাইজৰ দলৰ নিৰ্বাচনী সমিতিক অনুৰোধ কৰিব বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে গৌৰৱ গগৈ এজন পূৰঠ সাংসদ৷ তেওঁক বিধানসভাৰ মজিয়াত প্ৰয়োজন আছে৷ আনহাতে, লুৰীণজ্যোতি গগৈ সন্দৰ্ভত অখিল গগৈয়ে কয় যে তেওঁ ৰাইজৰ দলৰ সমৰ্থনত নাই, কিন্তু কেতিয়াবা দুই-এক বিৰূপ মন্তব্য কৰাহে দেখা পাইছো বুলি মন্তব্য কৰে৷ শিৱসাগৰ বিধানসভা সমষ্টিত তেওঁৰ প্ৰাৰ্থিত্ব নিশ্চিত আৰু ইয়াত আগন্তুক নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰী অথবা অগপ দলৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক পৰাভূত কৰিব পাৰিম বুলি সদৰী কৰে৷ বিধায়ক প্ৰদীপ হাজৰিকাক এক ‘ডাঙৰ শূন্য’ বুলি উল্লেখ কৰি গগৈয়ে কয় যে সৰহভাগ সময় তেওঁ বিধানসভাত শুয়েই সময় পাৰ কৰে৷
আনহাতে, কালি নিৰ্বাচন আয়োগে এটা পৰ্যায়ত অসমত নিৰ্বাচন সম্পন্ন কৰিব বুলি জানি বিধায়ক গগৈ জাঙুৰ খাই উঠে৷ তেওঁ ভাৰতৰ নিৰ্বাচন আয়োগক বিজেপি দলৰ ভৃত্য বুলি উল্লেখ কৰি কয় যে বিজেপি দলৰ লগতে অমিত শ্বাহ-হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবৰ বাবে বিজেপি দলৰ নিৰ্দেশত নিৰ্বাচন আয়োগে এইদৰে এটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে৷ ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব আমাৰ দৰে সৰু দল বুলি তেওঁ উল্লেখ কৰি বিজেপিৰ দৰে ধনী দলে পইচা খৰচ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিব কিন্তু আমাৰ দৰে সৰু দলৰ বাবে মাথোঁ ২১ দিনত ১২৬ সমষ্টি সামৰি লোৱা সম্ভৱ নহয়৷ অখিল গগৈয়ে ভাৰতৰ নিৰ্বাচন আয়োগক অসম বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ আজিৰ সংবাদ মেলত দাবী জনায়৷

