আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদ (অজাপ)য়ে নিজৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই তালিকাত মুঠ ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।
দলটোৱে ঘোষণা কৰা অনুসৰি—
১) খোৱাঙ – লুৰীণজ্যোতি গগৈ
২) বঢ়মপুৰ – ৰাজেন গোগাঁই
৩) মৰিগাঁও – বাণী দাস
৪) পলাশবাৰী – পংকজ লোচন গোস্বামী
৫) বজালী – দিলীপ বৰুৱা
৬) সৰুপথাৰ – জীৱন চুতীয়া
৭) ডিব্ৰুগড় – মইনাক পাত্ৰ
৮) বিন্নাকান্দি – ৰেজাউল কৰিম চৌধুৰী
এই প্ৰাৰ্থী তালিকা প্ৰকাশৰ জৰিয়তে অসম জাতীয় পৰিষদে আগন্তুক নিৰ্বাচনৰ বাবে নিজৰ ৰাজনৈতিক প্ৰস্তুতি স্পষ্ট কৰি তুলিছে। দলটোৱে নতুন মুখ আৰু স্থানীয় নেতৃত্বক অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা কৰিছে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।

