আদিবাসী সকলৰ বিভিন্ন দল সংগঠনে আজি “কলা দিৱস” উদযাপন কৰে।

আদিবাসী-বড়োৰ গোষ্ঠী সংঘৰ্ষৰ পঁচিশ বছৰ।কিন্তু আজিৰ দিনটো কোনেওঁ‌ পাহৰা নাই।বিগত ১৯৯৬ আৰু ৯৮ চনত সংঘটিত হোৱা হিংসাৰ দাবালন আজিও মানস পটত ভাঁহি থকা চাওতাল সকলৰ বাবে ১৫ মে’ তাৰিখটো আখ্যায়িত হোৱা আদিবাসী জনগোষ্ঠীৰ লোকসলে আজিৰ দিনটো কলা দিৱস  হিচাপে পালন কৰে।ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে সম্পূৰ্ণ কভিড প্ৰটকল মানি আজি গোসাঁইগাওঁ মহকুমাৰ ১ নং হাতীগড় গাওঁত ALL  ADIVASHI STUDENT ASSOCIATION OF ASSAM চমুকৈ AASAA ৰ গুৰুফেলা আঞ্চলিক কমিটিৰ উদ্যোগত কোভিড প্ৰট’কলৰ মাজেৰে অনুষ্ঠিত কৰিবলগীয়া “কলা দিবসত” পতাকা অৰ্ধ উত্তোলন আৰু শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰি   অনুষ্টুপীয়া কৈ কলা দিৱস উদযাপন কৰে।
গুৰুফেলা আঞ্চলিক কমিটিৰ উপদেষ্টা ছাবেদ মুৰ্মূই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে আদিবাসী জনগোষ্ঠীটো আজিৰ দিনত ১৯৯৬ চনত যি আদিবাসী-বড়ো জনগোষ্ঠী দুটাৰ মাজত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈ, বহুত লোকে শিবিৰত থাকিব লগিয়া হৈছিল আৰু বহুত মানুহ মৃত্যু বৰন কৰিছিল।ঠিক তেনেকুৱা ঘটনা ভৱিষ্যৎত নহয় তাকে কামনা কৰাৰ লগতে  আদিবাসী জনগোষ্ঠীটোক নতুন চৰকাৰ খনে সৰ্বাংগীণ উন্নতি সাধন কৰে সেয়া দাবী জনায়।

Related Articles