ডিফুৰ ধনশিৰি পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা।দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা অচিনাক্ত যুৱকৰ।শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।ম’বাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শীতলাবাৰীত।ধনশিৰিৰ পৰা বাইকেৰে ডিফুৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজনযুৱকজনৰ সৈতে বাইকখনত গৈছিল এগৰাকী যুৱতীও।সেই সময়তে হাতীকেম্পত দুই অচিনাক্ত যুৱকে আগ ভেটি ধৰে যুৱকজনক।কিছু সময় তৰ্কা-তৰ্কিত লিপ্ত হোৱাৰ পাছতেই গুলীয়াই হত্যা কৰে দেৱজিতক।তাৰ পাছতেই দেৱজিতৰ বাইকখন লৈ পলাই যায় দুই হত্যাকাৰী ।আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

