Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক

মধ্যপ্ৰাচ্যত (Gas Cylinder) চলি থকা উত্তেজনামূলক পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ নাটনি হৈছে। ইফালে ভাৰতত এল পি জি গেছৰ নাটনিৰ সন্মুখীন হৈছে। এই টিপচ্ সমূহে আপোনাক ৰন্ধা-বঢ়া কৰাৰ সময়ত ২০ৰ পৰা ৩০ শতাংশ গেছ ৰাহি কৰাত সহায় কৰিব পাৰে।

সদায় ঢাকনি দি খাদ্য ৰান্ধিব। ইয়াৰ ফলত ভাপ ওলাই নাযায় আৰু খাদ্য সোনকালে ৰান্ধিবলৈ সহায় কৰে। ইয়াৰ ফলত ১০ৰ পৰা ১৫ শতাংশ গেছ ৰাহি হ’ব পাৰে।

গেছ ৰাহি কৰিবলৈ কেৰাহীৰ সলনি প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰি কম সময়ত মচুৰ দাইল আৰু ভাত ৰান্ধিব পাৰে। ইয়াৰ ফলত গেছৰ ৰাহি হয়।

মচুৰ দাইল সিজোৱাৰ আগতে পানীত তিয়াই থ’ব। ইয়াৰ ফলত কম গেছ ব্যৱহাৰ কৰি ৰান্ধিবলৈ সহজ হ’ব। ৰন্ধা ৫ৰ পৰা ৬ ঘণ্টাৰ আগত পানীত তিয়াই থ’ব।

গেছৰ চৌকাত থকা বাচন-বৰ্তনবোৰ সদায় শুকান কাপোৰেৰে মচিব লাগে। তিতা বাচন-বৰ্তন শুকুৱালেও গেছ খৰচ হয়। গতিকে গেছ ৰাহি কৰিবলৈ সদায় বাচন-বৰ্তন মচিব লাগে।

ফ্ৰীজৰ পৰা উলিয়াই অনা গাখীৰ বা শাক-পাচলি পোনে পোনে গেছ ষ্ট’ভত ৰাখিব নালাগে। প্ৰথমে স্বাভাৱিক উষ্ণতালৈ আহিবলৈ দিব, কিয়নো ইয়াৰ ফলত অধিক গেছ খৰচ হয়।

ৰন্ধা-বঢ়া কৰোতে প্ৰয়োজনতকৈ বেছি পানী দিব নালাগে। অতিৰিক্ত পানী বাষ্পীভৱন হ’বলৈ অধিক সময় আৰু গেছ লাগে।

এই সহজ টিপচ্ ব্যৱহাৰ কৰিও আপুনি যথেষ্ট পৰিমাণৰ গেছ ৰাহি কৰিব পাৰে। গেছৰ নাটনিৰ সময়ত শাক-পাচলি ভাপত দিয়াৰ পৰিৱৰ্তে উতলাব পাৰি। শাক-পাচলি উতলালে সময় আৰু গেছ দুয়োটা ৰাহি হ’ব।

Related Articles