সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ তত্বাৱধানত চক্ৰ বিষয়া শান্তনু গগৈ, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, ৰুবী কুমাৰী ৰায়, তন্ময় চেতিয়া, চক্ৰ বিষয়া (সংলগ্ন) অনুৰাগ গগৈ আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিদীপ কুমাৰ দত্ত সহ এক বিশেষ দল গঠন কৰা হয়। এই দলে আজি নাজিৰা, গেলেকী আৰু শিমলুগুৰিৰ অঞ্চলত এক অভিযান চলাই। এই অভিযানত তেখেত সকলে বিভিন্ন হাট বজাৰ, হোটেল, চেলুন আদি পৰিদৰ্শন কৰে আৰু কভিদ নীতি নিয়ম সমূহ ৰাইজে মানি চলিছেনে নাই সেই বিষয়ে বুজ লয়। লগতে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা, সঘনাই হাত চেনিটাইজ কৰাৰ ওপৰত ও গুৰুত্ব আৰোপ কৰে। মহকুমাধিপতি লখিমী দত্তই কয় যে – “ক’ভিডৰ এই যুঁজত আমি যৌথ ভাৱে যুঁজিব লাগিব অন্যথা ই এক ভয়াবহ ৰূপত পৰিণত হব। ৰাইজে ইয়াৰ গভীৰতা বুজি নাপালে প্ৰশাসনৰ চেষ্টা কেতিয়াও ফলপ্ৰসূ নহব। গতিকে আজিৰ এই অভিযানত আমি সকলোকে একত্ৰিত কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজিবৈ আহ্বান জনাইছো।”উল্লেখ্য যে, মহকুমাধিপতি লখিমী দত্তৰ নিৰ্দেশ মৰ্মে নাজিৰা পৌৰ সভাৰ কাৰ্য্য – বাহী বিষয়া সুজাতা গগৈয়ে কাৰ্যালয়ৰ কৰ বিভাগৰ কৰ্মচাৰীৰ সহযোগত আজি নাজিৰা নগৰৰ দৈনিক বজাৰ পৰিদৰ্শন কৰাৰ ওপৰিও খাদ্য সামগ্ৰী যেনে মাছ, মাংস, শাক – পাচলি আদিৰ মূল্য পৰ্যবেক্ষন কৰে । পৌৰ সভাৰ কাৰ্য্য – বাহী বিষয়াই নাজিৰাৰ দৈনিক বজাৰৰ লেচীক মাছ – মাংসৰ প্ৰতিদিনৰ মূল্য নিৰীক্ষণ কৰিবলৈ লগতে ক’ভিডৰ অজুহাত লৈ যাতে কোনো ধৰণৰ অদ্ভূত মূল্য বৃদ্ধি নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰু সজাগ হবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নাজিৰা নগৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী সকলক কভিদ -১৯ৰ নিয়ম সমূহ কঠোৰ ভাৱে মানি চলিবলৈ আহ্বান জনায়।

