ক’ৰ’ণাত আক্ৰান্ত হৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসৰ মৃত্যু

ৰাজ্যত মহামাৰী ক’ৰ’ণাই ভয়াবহতাৰূপ ধাৰণ কৰাৰ সময়তে  সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাননিক বিষয়া  মৃণাল দাস ক’ৰ’ণাত আক্ৰান্ত হৈ আজি পুৱাই মৃত্যুক সাবতি লয় ।তেখেতৰ  মৃত্যুত সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চই গভীৰ শোক প্ৰকাশ কৰািছে । গুৱাহাটীস্তিস্থ  চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা দাস  (৫৪)অৱশেষত মৃত্যুৰ সতে  যুঁজি  হাৰ মানি আজি পুৱা  প্ৰায় সাত মান বজাত তেখেতে ইহলীলা সম্বৰণ কৰে৷ তেখেতৰ মৃত্যুৱে কৰ্মচাৰী সমাজখনত এক বিশাল শূন্যতাত পৰিণত হৈছে   । অতি অমায়িক স্বভাৱৰ ব্যক্তি দাসে পৰিষদৰ কাম কাজ সুন্দৰ ভাৱে সম্পাদন কৰাৰ লগতে পৰিষদৰ সকলো ভাতৃ সংগঠনৰ লগত সু_সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছিল৷ সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চৰ সভাপতি শ্ৰীবিনোদ বড়ো, কাৰ্যকৰী সভাপতি শ্ৰীবিশ্বজিৎ ৰয়, সম্পাদক শ্ৰীনিৰ্মল বৰুৱা, মুখ্য উপদেষ্টা শ্ৰীবিচিত্ৰ নাথ, ম. মতিউৰ ৰহমান, সহ: সম্পাদক শ্ৰীতাপস দাসে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যু সময়ত  দাসে পত্নী ‘পুত্ৰ :এগৰাকী  কন্যা সহ বহু আত্মীয়ক ইহসংসাত এৰি থৈ যায় ।

Related Articles