ৰাজ্যৰ সকলো সমষ্টিতে ৰাজনৈতিক যুঁজ হ’ব৷ কিন্তু যোৰহাট সমষ্টিৰ যুঁজখন অধিক আকৰ্ষণীয় হ’ব৷ এক কথাত যোৰহাটত এখন তুমুল ৰাজনৈতিক যুঁজ হ’ব৷ যোৰহাট সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব যোৰহাট সমষ্টিৰ বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী৷ যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ‘মোক পুনৰ যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া বাবে দলৰ ওচৰত মই কৃতজ্ঞ ৷ আকৌ এবাৰ যোৰহাটৰ উন্নয়ন কৰাৰ বাবে সুযোগ দিলে, মই যোৰহাটখনক প্লেন চিটী হিচাপে ৰাখি আঁতৰি যাবলৈ পালে বেছি ভাল লাগিব৷ উন্নয়নৰ ধাৰাৰ ধাৰাবাহিকতা ৰখাৰ বাবে মই পাঁচটা বছৰত বহু উন্নয়নমূলক কাম সম্পূৰ্ণ কৰিব পাৰিম৷ লগতে প্লেন চিটীত নতুন কথা সংযোগ কৰিব পাৰিম৷’ তেওঁ লগতে কয়, ‘যোৰহাটত দুখনকৈ নতুন পাচলি বজাৰ স্থাপন কৰিব লাগিব৷ সেই বাবে মাটি চোৱা কাম আৰম্ভ কৰিছোঁ৷
কাৰণ পাচলি বজাৰৰ বাবে নিৰ্দিষ্ট ঠাই নথকাৰ বাবে বহুত বেমেজালিৰ সৃষ্টি হয়৷’ আনহাতে, যোৰহাটৰ কেইবাটাও উন্নয়নমূলক কামৰ প্ৰসংগত তেওঁ কয়– ‘যোৰহাটৰ চ’ক বজাৰত ডিচেম্বৰ মাহৰ শেষৰ পিনে ব্যৱসায়ীসকলে প্ৰৱেশ কৰিব পাৰিব৷ লগতে ড’ছ এণ্ড কোৰ সন্মুখত নিৰ্মাণ কৰি থকা মহিলা বজাৰখন এই বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰিম৷
ভোগদৈৰ দুয়োটা পাৰ সৌন্দৰ্যবৰ্ধন কৰাৰ বাবে কাম কৰাৰ এটা ইচ্ছা থকাৰ লগতে যোৰহাটৰ মাজেৰে বৈ যোৱা টোকোলাই জানক যিদৰে বোৱঁতী কৰি নিয়াৰ বাবে কাম হাতত লোৱা হৈছে, ঠিক সেইদৰে ভোগদৈখনো বোৱাই নিয়াৰ আশা এটা আছে যদিও এয়া বৰ সহজ সাধ্য নহ’ব পাৰে৷’ বিগত কাৰ্যকালত যোৰহাটৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে যিদৰে সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ বুলিও গোস্বামীয়ে উল্লেখ কৰে৷ লগতে যোৰহাটত লোৱা কেইবাটাও উন্নয়নমূলক কাম একাংশই সমালোচনা কৰিছিল, কিন্তু সেয়া এতিয়া ৰাইজে আঁকোৱালি লোৱা বুলিও তেওঁ উল্লেখ কৰে৷ ইফালে গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুঁজৰ প্ৰসংগত তেওঁ কয়, ‘খেলখন ভোটাৰে চাব, আমি খেলুৱৈ৷ আগৰ লোকসভা নিৰ্বাচন আৰু এইবাৰ বিধানসভা নিৰ্বাচনৰ মাজত বহু পাৰ্থক্য আছে৷ কাৰণ লোকসভা নিৰ্বাচনত তৰুণ গগৈৰ ল’ৰা আৰু তৰুণ গগৈৰ প্ৰতি থকা শ্ৰদ্ধাৰ এটা আৱেগ আছিল৷ সেই বাবে তেওঁ জয়ী হৈছিল৷ এইবাৰ মই পুনৰ বিধানসভাত থাকিম আৰু তেওঁ লোকসভাত থাকিব৷ মই সাহসেৰে কৈছোঁ এইবাৰ মই নিৰ্বাচনত জিকিম৷’ আনহাতে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰসংগত তেওঁ কয়– ‘নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাকৈয়ে মুখ্যমন্ত্ৰী হ’ব পাৰে৷ কাৰণ যি দলে সংখ্যাগৰিষ্ঠ লাভ কৰে সেই দলেই চৰকাৰ গঠন কৰে৷

