২০২৬ চনৰ অসম (BJP) বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা৷ কিন্তু এইবাৰৰ প্ৰাৰ্থী তালিকাত মহিলা প্ৰতিনিধিৰ সংখ্যা কম হোৱা দেখা গৈছে৷ এইবাৰ মহিলাৰ প্ৰতিনিধিত্ব ২০২১ চনৰ নিৰ্বাচনতকৈও এগৰাকী কম৷ এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰা ছগৰাকী প্ৰাৰ্থী হ’ল মাধৱী দাস [বীৰচিং-জৰুৱা], জ্যোৎস্না কলিতা [ছয়গাঁও], নিলিমা দেৱী [মঙলদৈ], অজন্তা নেওগ [গোলাঘাট], নিছ’ তেৰাংপী [ডিফু] আৰু ৰূপালী লাংথাছা [হাফলং]৷ এইক্ষেত্ৰত নেতৃত্বই দিয়া পূৰ্বৰ আশ্বাসৰ প্ৰতিফলন নঘটাত প্ৰশ্ন উত্থাপন হৈছে৷ নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ইংগিত দিছিল যে দলটোৱে যুৱ আৰু নতুন মুখৰ লগতে মহিলা প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি কৰিব৷ ২০২১ চনত বিজেপিয়ে মনোনীত প্ৰাৰ্থীৰ ভিতৰত জ্জগৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ইয়াৰ ৯৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত জ্ঝগৰাকী মহিলাক মনোনীত কৰিছিল৷ আনহাতে, ২০১৬ চনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৮৪খন আসনৰ ভিতৰত ৬ গৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে ১২২খনৰ ভিতৰত ১৭গৰাকী মহিলাক মনোনীত কৰিছিল৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্যই ইংগিত দিয়ে যে ভোটাৰ হিচাপে মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ পিছতো অসম বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব সীমিত হৈয়েই আছে৷ ২০১৬ চনত দলসমূহৰ মাজত ৯১গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ জ্জ্বগৰাকীহে নিৰ্বাচিত হৈছিল৷ ইপিনে, ২০২১ চনত এই সংখ্যা আৰু হ্ৰাস পাইছিল, ১২৬জনীয়া সদনত ৭৬ গৰাকী মহিলা প্ৰাৰ্থীৰ মাত্ৰ ছয়গৰাকীয়েহে আসন লাভ কৰিছিল৷

