ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ভিড ১৯ ৰ মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৬ মেত ওদালগুৰিত ২৬ গৰাকী কভিড ১৯ত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৬ মেলৈ আক্ৰান্তৰ সংখ্যা ১২৪৭ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ১৬মেলৈকে ১৭২ গৰাকীক পৰীক্ষা কৰাৰ পিছত ২৬ গৰাকী দেহত কভিড ১৯ ধৰা পৰে।ইয়াৰ ভিতৰৰ ৭২ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩৬০ গৰাকী হোম আইশ্যলেশ্যনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৩৪ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-১৬মেলৈ ৫ গৰাকী ক’ভিড ১৯ ত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ গৰাকীলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু অৰ্হনিশে সজাগ সচেতন হৈ ট্ৰিপোল মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিড ১৯ ৰ নীতি নিৰ্দেশনা আদিবোৰ কঠোৰ ভাবে মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিনাক্ত কৰণ হোবা দৰিদ্ৰ ,অসহায় ক’ভিড ১৯ ৰোগী সকল দিনক দিনে নূন্যতম,আবশ্যকীয় বা পৰ্য্যাপ্ত পৰিমানৰ ঔষধ পাতি,এন্টিবায়টিক আদিৰ পৰা সৰ্বদিশত সৰ্বতোপ্ৰকাৰে বঞ্চিত,চুড়ান্ত ভাবে প্ৰতাৰিত অবহেলিত হৈ থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাৱিক ঘটনা হৈ পৰিছে ৷ ফলত দৰিদ্ৰ কভিড ৰোগী সকল নিসহায় হৈ ঔষধপাতিৰ অবিহনে হোম আাইশ্যলেশ্যন হৈ মৃত্যুৰ সৈতে যুজ দি থকাটো দেখিবলৈ পোৱা গৈছে ৷ সমগ্ৰ বিটিচিৰ লগতে ওদালগুৰি জিলা খনত কভিড ১৯ ৰোগীসকলৰ জীৱন দাইনী ঔষধ ক্ৰমে ভিটামিন চি টেবলেট , জিংক 500 এম জি টেবলেট , ইজিথ্ৰমাইচিন 500 টেবলেট , ডস্কিচাইক্লিন 100 এম জি কেপচুল আদিবোৰ নোহোৱা হৈছে ফলত এই ঘোৰ কৰুণা কালৰ সময়ত স্বাস্থ্য কেন্দ্ৰটোত অতি ভয়াবহ সমস্যা হিচাপে দেখা দি আহিছে ৷ তাৰোপৰি হেণ্ড চেনিটাইজাৰ ,N 95,ট্ৰিপোল লেয়াৰ মাস্ক,কেপ,গ্লোভ ,পিপি কিট ,ফেচ শ্লাইড আদিবোৰ স্বাস্থ্য আৰু চিকিৎসা বিষয়া,সমুহীয়া স্বাস্থ্য বিষয়া,এছ ডব্লিউ,বি এইছ, ডব্লিউ,স্বাস্থ্য কৰ্মচাৰী,জি এন এম, এ এন এম,আশা,আশা চুপাৰভাইজাৰ ,আদি কভিড যোদ্ধা সকলক পৰ্য্যাপ্ত পৰিমান যোগান ধৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহক প্ৰদান কৰিবলৈ বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই দাবী জনাইছে ৷বিটিএডিৰ সাংবাদিক ,সংবাদ কৰ্মী সকলকো N95,হেণ্ড ছেনিটাইজাৰ,ট্ৰিপোল লেয়াৰ মাস্ক আদি প্ৰদান কৰি সাংবাদিক,সংবাদ কৰ্মী সকলৰো জীৱন সুৰক্ষা কৰিবলৈ সংগঠনটোৰ সাধাৰণ সম্পাদক নব কুমাৰ ডেকাই সংশ্লিষ্ট বিভাগৰ আহ্বান জনাইছে ৷

