মাহজোৰা (Eid-ul-Fitr 2026) ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিটৰ। এমাহজোৰা পবিত্ৰ ৰমজান মাহত ৰোজা পালন কৰাৰ পিছত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উচ্ছাহ, ভক্তি আৰু ধৰ্মীয় মৰ্মবোধেৰে এই পৱিত্ৰ উৎসৱ উদযাপন কৰে।
পুৱাই নতুন কাপোৰ পৰিধান কৰি, সুগন্ধি ব্যৱহাৰ কৰি, ধৰ্মপ্ৰাণ ৰাইজে ঈদগাহ মইদানত সমূহীয়া ঈদৰ নামাজ সমাপন কৰা পৰিলক্ষিত।
ঈদ উল ফিটৰৰ সমূহীয়া নামাজে সমাজত একতা, ভাতৃত্ববোধৰ গভীৰ বাৰ্তা বহন কৰে। নামাজৰ অন্তত সকলোয়ে বিশ্ব শান্তি, সমাজৰ কল্যাণ, দেশৰ উন্নতি আৰু মানৱজাতিৰ মঙ্গল কামনাৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও সকলোয়ে ইজনে সিজনক আলিঙ্গন কৰি “ঈদ মোবাৰক” জনাই শুভেচ্ছা বিনিময় কৰে।

