কোৰোণা ৰোগীৰ বাবে অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব অসম জাতীয় পৰিষদে

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণা মহামাৰীয়ে। কোৰোণাৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰক সাদ্য অনুসৰি সদায় কৰিছে সকলোৱে। তাৰ মাজতে সোমবাৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰি, কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কোৰোণাত আক্ৰান্ত ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আঞ্চলিক ৰাজনৈতিক দলটো।কোৰোনাৰ কালত চৰকাৰে কেনেদৰে সহায় কৰিব,তাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে। সেইদৰে  কোভিড আক্ৰান্ত ৰোগীক সহায়ৰ বাবেও পৰিকল্পনা কৰিছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে।প্ৰতিখন জিলাতেই কভিড কোষ গঠন কৰিব অসম জাতীয় পৰিষদে। আৰু এই কোভিড কোষে প্ৰতিখন জিলাৰ কভিড ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক অক্সিজেন, ঔষধ, খাদ্য সামগ্ৰী যোগান ধৰিব।কোভিডৰ পৰা ৰাজ্যবাসীক কিছু সকাহ দিয়াৰ উদ্দেশ্যৰে জিলাভিত্তিক কোভিড কোষ গঠন কৰিছে জাতীয় পৰিষদে

Related Articles