ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকা পালচাৰ বাইক জব্দ কৰিছে আৰক্ষীয়ে। লগতে এই বিস্ফোৰণত জড়িত এজন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত যুৱক জন লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ হীৰেণ গগৈ। পূৰ্বে কেইবাটাও ধন দাবী আৰু ডকাইতি গোচৰতো জড়িত আছিল এই যুৱকজন। পুৱতি নিশা চাৰি বজাত লক্ষীপথাৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্বৃত্তটোক। আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত বৰ্তমানেও দুই দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাই আছে আৰক্ষীয়ে। বৰ্তমান যুৱকজনক জিৎমল দলেৰ তত্ত্বাৱধানত জেৰা অব্যাহত ৰখা হৈছে।
ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত পালচাৰ বাইক জব্দ, আটক এজন

