বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগে চিন্তিত হৈ পৰিছে ৰাজ্যৰ নৈপৰীয়া আৰু ভগ্ন মথাউৰিৰ আশেপাশে থকা লোকসকল। নগৰবেৰাৰ ৰঙ্গেশ্বৰীতো মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি ঠিকাদাৰ উধাও হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজে। কিয়নো যোৱাটো বানে ৰঙ্গেশ্বৰী গাঁৱৰ মাজেৰে যোৱা ই এণ্ড ডি মথাউৰিটোৰ কেইবাঠাইত ছিঙি নিয়াৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত। তাৰ পাছতে মথাউৰিটো পুণৰ নিৰ্মানৰ বাবে এছ ডি আৰ এফ আঁচনিৰ অধীনত প্ৰায় এক কৌটি ১৭ লাখ টকা ধাৰ্য্য কৰিছিল জলসম্পদ বিভাগে। প্ৰায় পাঁচ মাহ পূৰ্বে যুটীয়া ভাৱে আঁচনিটোৰ আধাৰশিলা স্থাপন কৰিছিল ৭ নং গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওঝা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে। সেইমতেই প্ৰায় তিনিমাহ পূৰ্বে অৰ্থাৎ খৰালী দিনত আৰম্ভ হৈছিল পথটিৰ নিৰ্মাণকাৰ্য্য। কিন্তু সামান্য পৰিমানৰ (৫%)কাম কৰিয়েই উধাও হয় কামৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱা। যাৰ বাবে আজিও আধৰুৱা হৈয়ে থাকিল মথাউৰিটোৰ নিৰ্মানকাৰ্য। ফলত চিন্তিত হৈ পৰিছে মথাউৰিটোৰ ভিতৰফালে বসবাস কৰা লোকসকল। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ জলসম্পদ বিভাগক আবেদন নিবেদন কৰিও নাপালে কোনো সুফল। বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ নহলে পুনৰ এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হব লাগিব বুলি গাঁওবাসীয়ে মন্তব্য কৰে। সেয়ে বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰিবলৈ ৰাজ্যৰ নৱ নিৰ্বাচিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অঞ্চলটোৰ ৰাইজে দাবী জনোৱাৰ লগতে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…