বোকাখাতৰ লখৌজানত খুটিয়া পহু উদ্ধাৰঃ

১৭ মে’ৰ পুৱা বোকাখাতৰ লখৌজানৰ ননী গোপাল ৰাজখোৱাৰ বাসগৃহত এটা খুটিয়া বা ছাগলী পহু উদ্ধাৰ হয় । বনাঞ্চলৰ পৰা ওলাই অহা হৰিণটো ৰাজখোৱাৰ সীমাৰ বেৰা পাৰ হৈ আহি গোঁসাই ঘৰত সোমাই আছিল। পাছত পানবাৰীস্থিত বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে আহি আঘাতপ্ৰাপ্ত পহুটো চিকিৎসাৰ বাবে লৈ যায়। বোকাখাতৰ নিকটৱৰ্ত্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যপ্ৰাণী ওলাই আহি জনবসতিৰ অঞ্চলত প্ৰৱেশ কৰা ঘটনা বোকাখাত অঞ্চলৰ বাবে এটা সাধাৰণ ঘটনা। কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে সংকেট দিছে আগন্তুক বাৰিষাৰ। বানপানীৰ বাবে সুৰক্ষিত স্থান, খাদ্যৰ সন্ধানত বা আন্য কাৰণেই হওক ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সময়ে সময়ে ওলাই অহা জীৱ জন্তুৱে প্ৰৱেশ কৰে জনবসতিপূৰ্ণ এলেকাত। গতিকে হৰিণটো এনেকৈ আহি মানুহৰ বাসগৃহত সোমাই পৰা বুলি অনুমান কৰা হৈছে। 

Related Articles