এফালে কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি, আনফালে পেটৰ ভাতমুঠি মোকলাবলৈ চিন্তা খাটিখোৱা সাধাৰণ জনতাৰ। তাৰ মাজতে কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনাই এতিয়া বিপদত পেলাইছে সকলো শ্ৰেণীৰ লোকক। কৰ’ণা মহামাৰীৰ বাবেই যেন এতিয়া ধূসৰ হৈ পৰিছে জনজীৱন। একপ্ৰকাৰ ভৱিষ্যত নিয়ন্তাৰ হাতত বন্দী প্ৰতিজন মানুহৰে জীৱন। দেশত প্ৰতি দিনেই কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰী কৰিছে কেতবোৰ নীতি-নিয়ম। জনসাধাৰণেও চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিছে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত। কিন্তু এই কৰ’ণা মহামাৰীৰ বাবেই এতিয়া প্ৰতিজন লোকৰ সপোন, আশা-আকাংক্ষাবোৰে প্ৰাণ হেৰুৱায় পেলাইছে। স্ব-নিয়োজনৰ উদ্দেশ্যে এখন ই-ৰিক্সা বা অট’ৰিক্সা লৈ উপাৰ্জনৰ বাট মুকলি কৰা লোকসকলো এতিয়া দিকভ্ৰান্ত হৈ পৰিছে। দিনটো ই-ৰিক্সা চলাই উপাৰ্জিত ধনেৰে পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া মাথোঁ কেইটামান ঘণ্টা চৰকাৰী নিৰ্দেশনা মানি চলাৰ ফলত পেটত গামোচা বন্ধাৰ উপক্ৰম ঘটিছে। কৰ’ণাৰ প্ৰকোপত সৃষ্টি হোৱা এই জটিল সময়ে যেন সাধাৰণ জনতাক ইংগিত দিছে অন্ধকাৰ ভৱিষ্যতৰ। ই-ৰিক্সা বা অট’ৰিক্সা চালকসকলৰ মনত এতিয়া এটাই প্ৰশ্ন, “কেনেদৰে পূৰণ কৰিব ঘৰুৱা প্ৰয়োজন খিনি ? নিৰ্দিষ্ট সময়ৰ ভিতৰত সীমিত সংখ্যক যাত্ৰী কঢ়িয়াই উপাৰ্জিত ধনেৰে কেনেকৈ চলাব সংসাৰ?” ইমানৰ পাছতো তেওঁ লোক আশাবাদী, চৰকাৰে তেওঁলোকৰ প্ৰতি সুদৃষ্টি ৰাখিব। আন্ধাৰ বিনাশী যেন পোহৰৰ বাট মুকলি হ’ব পুনৰ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…
- তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…