নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ পৰিদৰ্শন মৰিগাঁৱৰ বিভিন্ন কন্টেইনমেন্ট জ’ন। সোমবাৰে মৰিগাঁৱত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পিছত মঙলবাৰে প্ৰথমটো কাৰ্যসূচী ৰূপে আৰক্ষী অধীক্ষক গৰাকীক দেখা গল বহু কেইটা কন্টেইনমেন্ট জ’নলৈ ইয়াৰ নিৰাপত্তাৰ দিশৰ লগতে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল’লে নৱ নিযুক্ত অধীক্ষক গৰাকীয়ে। মঙলবাৰৰ দিনটোত আৰক্ষী অধীক্ষক গৰাকীয়ে ক্ৰমে ভূৰবন্ধা আদৰ্শ চিকিৎসালয়, ঔগুৰি মাধ্যমিক বিদ্যালয়, ,মৰিগাঁও অসামৰিক চিকিৎসালয় মৰিগাঁও মজলীয়া বিদ্যালয়,গোহাঁই বৰুৱাই প্ৰাথমিক বিদ্যালয়,অভ্যাসন প্ৰাথমিক বিদ্যালয়কে আদি কৰি কভিড চেন্টাৰ ৰেপিড এন্টিজেন টেষ্ট আদি পৰিদৰ্শন কৰে।
ইফালে ভূৰবন্ধা ঔগুৰি মাধ্যমিক বিদ্যালয়স্থিত কভিড ভেকচিন চেন্তাৰত ভেকচিন প্ৰদান কেন্দত অঞ্চলৰ ৰাইজে চৰকাৰি নীতি নিয়ম তথা অনুশাসন অনুসৰি ভেকচিন লোৱা দেখাঁ গল।কেন্দ্ৰটোত চিকিত্সা কৰ্মী সকলে পুৱা ১০.৩০ বজাৰ পৰা ভেকচিন প্ৰদান কৰি থকা বুলি জানিবঁলৈ দিয়ে।
মৰিগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধিক্ষ্যক অৰ্পণা নটৰাজনৰ পৰ্য্যবেক্ষণ জিলাৰ বিভিন্ন চিকিৎসালয়

