প্ৰকৃতিপ্ৰেমী সকলৰ বাবে দুখবৰ। বুধবাৰে পুৱতি নিশা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ মৃত্যু হয় । খবৰ পোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত আন গড়ৰ আক্ৰমণত মৃত্যু হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২ নম্বৰ মাইকী গঁড়জনীৰ। উল্লেখ্য যে ১৪ এপ্ৰিলত পবিতৰাৰ পৰা অনা হৈছিল মাইকী গঁড়জনী ।পূৰ্বৰে পৰা আঘাতপ্ৰাপ্ত হৈ আছিল গঁড়জনী । ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চলত নতুনকৈ প্ৰৱেশ কৰা বাবে পুৰণি গঁড়ৰ আক্ৰমণত এই গঁড়জনীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিষয়া বাবুল ব্ৰহ্মই।
পিছত ঘটনাস্থলীত ৰাষ্ট্ৰীয় উদ্যানখনৰ উপ সঞ্চালক ৰঘুনাথ বড়ো, বাহাবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, চিকিৎসক প্ৰভাত বসুমতাৰীৰ লগতে ডব্লিউ ডব্লিউ এফৰ দল উপস্থিত হৈ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে গঁড়জনীক ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…
- প্ৰাক্তন খেলুৱৈ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল ৰেফাৰী, প্ৰশিক্ষক সুনীল গোস্বামী…
- ধাৰাবাহিক সাফল্যৰে উজলিল নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়…
- অসমৰ বাবে সুখবৰ! মুক্তি লাভৰ পূৰ্বেই কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ’ব অসমত নিৰ্মিত হিন্দী ছবি ‘কুকি’…
- নামখলালৈ গৌৰৱ কঢ়িয়ালে মৌচুমী মাধুৰীয়ে…
- গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য-সম্বৰ্ধনা…
- লাহৰীঘাট গ’ল্ডেন চিনিয়ৰ চেকেণ্ডাৰী স্কুলত কৃতি ছাত্র-ছাত্রীক অভিনন্দন…
- এগিলাচ পানীত মিহলাই লওক এচামুচ নিমখ! নিমখীয়া পানীৰ উপকাৰিতাৰ বিষয়ে জানক…
- প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দলৰ জ্যেষ্ঠ নেতাৰ ৰাজনীতি ধ্বংস কৰিছে : অৰবিন্দ কেজৰিৱাল…