বকো বিধান সভা সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত একাংশ ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে পঞ্চায়তী কাম-কাজত লুণ্ঠন চলাবলৈ আৰম্ভ কৰা আৰু সংশ্লিষ্ট বিভাগক সেই লুণ্ঠনৰ অভিযোগ একাংশই বাৰম্বাৰ দিয়া স্বত্বেও ফল নধৰাত বিবুদ্ধিত পৰিছে ৰাইজ। শেহতীয়াকৈ ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ বিৰুদ্ধে একাংশই দুৰ্নীতিৰ অভিযোগ আঙুলিয়াই আ্ৰতিবাদ সাৱ্যস্ত কৰাটোৱে তাকেই প্ৰতিপন্ন কৰিছে। আজি ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰীৰ কালভাৰ্ট নিৰ্মানৰ কামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি ৰাইজে এক প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰাপ্ত অভিযোগ মৰ্মে-৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত কালভাৰ্ট এটাৰ বাবদ ৩ লাখ টকাৰ আবণ্টন কৰা হৈছিল ,সেইমৰ্মে কালভাৰ্টৰ কামো সম্পূৰ্ণ হৈ উঠিল যদিও অতি নিম্নমানৰ। মুঠ ৩ লাখ টকাৰ মাত্ৰ ৯০ হাজাৰ মান টকাৰে কালভাৰ্টৰ কাম কৰি বাকী ২ লাখ ১০ হেজাৰ টকা পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাই উদৰস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে |আনহাতে ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক সভানেত্ৰী গৰাকীৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত ৰাইজে বাৰম্বাৰ অভিযোগ দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলিও ৰাইজে অন্য এক অভিযোগ উত্থাপন কৰে। আনকি আজি অঞ্চলটোৰ এখন ফুটব্ৰীজ নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে প্ৰথমে খণ্ড উন্নয়ন বিষয়া গৰাকী ৰাঙ্গাপানীলৈ যোৱাৰ কথা থকা স্বত্বেও সেই স্থানলৈ নগৈ মাহতলীৰ পৰা উভতি যোৱা খৱৰ পাই ৰাঙ্গাপানীৰ সচেতন ৰাইজে ক্ষোভ উজাৰিছে। ৰৰইজে আজি পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ কালভাৰ্ট নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি শীঘ্ৰে তদন্তৰ দিহাৰে নিয়মানুসাৰে কৰ্মসম্পাদনৰ দাবী জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…