শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অৰ্ন্তগত ধুলাপাদুং চাহ বাগিছাৰ ৪ নং শ্রমিক লাইনত যোৱা কালি নিশা এটা বনৰীয়া হাতীয়ে দুটাকৈ ঘৰ ভাঙি তহিলং কৰে। নিশা প্ৰায় ৩ টা মান বজাত বনৰীয়া হাতীয়ে বাৰজু কালিন্দি আৰু বিজুলী কালিন্দিৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। জানিব পৰা মতে খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে ধুলাপাদুং চাহ বাগিচাত প্ৰবেশ কৰে আৰু প্ৰথমে বাৰজু কালিন্দিৰ ঘৰত উপদ্ৰৱ চলাই বাসগৃহ ভাঙি পেলাই আৰু তলা বন্ধৰ সময়ত প্ৰয়োজন হব পাৰে বুলি ঘৰত মজুত কৰি ৰখা প্ৰায় ৫০কেজি চাউল খাই তহিংল কৰে। ইয়াৰ পিচত হাতীটোৱে পুনৰ স্থানীয় বিজুলী কালিন্দিৰ ঘৰত আক্ৰমণ কৰে। ফলত দুয়োটা বাসগৃহৰ যথেষ্ট ক্ষতিসাধন হয়। অৱশ্যে হাতীৰ আক্ৰমণৰ উমান পাই গৃহস্থই কথমপি পলাই প্ৰাণ ৰক্ষা কৰে। উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীয়ে সঘনে উপদ্ৰৱ চলাই সা সম্পত্তি ধ্বংস কৰাৰ লগতে একাধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে। বন বিভাগে কিন্তু বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উঠিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…