ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা । সমান্তৰাল ভাবে ৰঙিয়াটো ব্যপক হাৰত সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ বেহা । যাৰ ফলত একাংশ কিশোৰ এই মাৰাত্মক ড্ৰাগচ ৰ কৱলত পৰি অৰ্থৰ অভাৱত চুৰি কাৰ্য্যত লিপ্ত হৈ পৰিছে । শুকুৰবাৰে দিন দুপৰতে কেইজনমান যুৱকে এখন ই-ৰিক্সাৰে ৰড চুৰি কৰি থাকোতে স্হানীয় লোকে হাতেলোটে আটক কৰে এটা চোৰক। ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানাত এনেদৰে যুৱকজনক আটক কৰাৰ পিচতে ৰাইজ তথা আৰক্ষীৰ আগত বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে । ৰঙিয়াৰ মুখ্যত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত বালাগাও, ষ্টেচন,জয়ন্তিপুৰ,উদিয়ানা,শৌলমাৰী,মূৰাৰা আদি অঞ্চলত কেনেদৰে ড্ৰাগচ্ বিক্ৰী হয় এই বিষয়েও স্বীকাৰ কৰে । তাৎপৰ্যপূৰ্ণভাৱে ধৃত যুৱক জনে ৰঙিয়াৰ বিভিন্ন ঠাইত ড্ৰাগচ্ সৰবৰাহ কৰা কিছু ব্যক্তিৰ নাম উল্লেখ কৰে আৰক্ষীৰ সন্মুখত ৷ গুৰুত্বপূৰ্ণ বিষয়টো হল যে ৰঙিয়াৰ লগতে সমগ্ৰ উত্তৰ কামৰূপতে নিচাজাতীয় সামগ্ৰীৰ কবলত পৰি ইতিমধ্যে বহু কিশোৰ – কিশোৰীৰ জীৱন ধ্বংস হোৱাৰ উপৰিও কেবাজনৰো অকাল মৃত্যু হৈছে ।পৰৱৰ্তী সময়ত ৰঙিয়া আৰক্ষীয়ে এই ড্ৰাগচ্ সেৱনকাৰী আৰু সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব ৷

