৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা অসমত ৪৮ ঘণ্টীয়া ‘মৌনতাকাল’

অসমত এতিয়া জোৰেৰে বলিছে নিৰ্বাচনী বতাহ৷ শাসক-বিৰোধী উভয়পক্ষই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ কঁকালত টঙালি বান্ধিছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দলে অনুষ্ঠিত কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা৷ এক কথাত নিৰ্বাচনী প্ৰচাৰত এতিয়া ৰজনজনাই উঠিছে অসম৷ এনে সময়তে নিৰ্বাচন আয়োগে ৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা অসমত ৪৮ ঘণ্টীয়া মৌনতা কাল ঘোষণা কৰিছে৷ ৰাজ্যজুৰি ৯ এপ্ৰিলত এটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ৷ ভোটগ্ৰহণৰ পূৰ্বে ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব মৌনতা কাল৷ নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে জনপ্ৰতিনিধিত্ব আইন-১৯৫১১ ধাৰা ১২৬[ৰ][খ]ৰ অধীনত ভোটগ্ৰহণ এলেকাত নীৰৱতাৰ মৌনতাৰ সময়ছোৱাত টেলিভিছন, ৰেডিঅ’ বা অনুৰূপ মাধ্যমৰ জৰিয়তে নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰচাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে৷ এই নিষেধাজ্ঞাৰ লক্ষ্য হৈছে ভোটগ্ৰহণৰ পূৰ্বে ভোটাৰৰ ওপৰত অযথা প্ৰভাৱ ৰোধ কৰা৷ আয়োগে টেলিভিছন চেনেল, ৰেডিঅ’ ষ্টেচন, কেৱল নেটৱৰ্ককে ধৰি সকলো সংবাদ প্ৰতিষ্ঠানক এই নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে৷ ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে যে এই সময়ছোৱাত নিৰ্বাচনবিষয়ক আলোচনা, প্ৰচাৰ সম্পৰ্কীয় বিষয়বস্তু, নিৰ্বাচনী মতামত, নিৰ্বাচনী সমীক্ষাকে ধৰি কোনো নিৰ্বাচন সম্পৰ্কীয় বিষয় সম্প্ৰচাৰ বা প্ৰদৰ্শন কৰিব নোৱাৰিব৷

অধিসূচনা অনুসৰি ৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিলৰ সন্ধিয়া ৬.৩০ বজাৰ ভিতৰত এগ্‌জিট প’ল অনুষ্ঠিত বা প্ৰকাশ কৰিব নোৱাৰিব৷ নিৰ্বাচন আয়োগে সকীয়াই দিছে যে এই নিৰ্দেশনা উলংঘা কৰিলে দুবছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা দুয়োটা শাস্তিৰেই সন্মুখীন হ’ব পাৰে৷ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে নিৰ্বাচন আয়োগে শেহতীয়াকৈ অসম আৰু অন্যান্য নিৰ্বাচনমুখী অঞ্চলৰ ২৮২জন কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ কেৱল অসমৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া চোৱাচিতা কৰিবলৈ ১৩৬জন পৰ্যবেক্ষক নিয়োগ কৰা হৈছে৷ অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে জ্ঝ এপ্ৰিলত একক পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব৷ মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে৷

Related Articles