নগাঁও চহৰস্থিত খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত নগাঁৱৰ সু-সন্তান তথা বিধায়ক ৰূপক শৰ্মালৈ আৰ্শীবাদ প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও -বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু গণ্যমান্য ব্যক্তি সকল উপস্থিত থকা এই অনুষ্ঠানতে নগাঁৱৰ বিধায়ক তথা বিশিষ্ট সমাজকৰ্মী ৰূপক শৰ্মাক মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, বটদ্ৰৱাৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি গোস্বামী আৰু বিশিষ্ট কথাছবি পৰিচালক অৰূপ মান্নাই আগন্তুক দিনত মঙ্গল কামনাৰে আৰ্শীবাদ- নিৰ্মালি প্ৰদান কৰে। এই অনুষ্ঠানৰ প্ৰাৰম্ভতে নৱৰূপ ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ কণকণ শিল্পী সকলে মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰে।
ইয়াৰ পাছতে বিধায়ক ৰূপক শৰ্মাই আমন্ত্ৰিত অতিথি সকলক আদৰণি জনোৱাৰ লগতে বিগত সময়খিনিত বিধায়ক গৰাকীৰ নগাঁৱৰ সমাজ জীৱনৰ লগত থকা সম্পৰ্ক আৰু বিগত এটা দশক জুৰি বিধায়ক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ সুবিধা প্ৰদান কৰাৰ বাবে সকলো দল-মত নিৰ্বিশেষে আনুষ্ঠানিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বিধায়ক হিচাপে বিগত সময়খিনিত নগাঁৱৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ আৰু বুকুত সাঁচি ৰখা উন্নয়ন মুখী সপোনৰ সাকাৰ ৰূপ দিবলৈ কৰা প্ৰয়াসক সকলোৱে সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছতে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে নিজৰ ভাষণ প্ৰসংগত বিধায়ক ৰূপক শৰ্মাৰ কৰ্ম দক্ষতা আৰু ৰাইজৰ প্ৰতি নি: স্বাৰ্থ সেৱাক শ্ৰদ্ধাৰে সোঁৱৰে।
তদুপৰি আন তিনিওগৰাকী বিশিষ্ট অতিথি সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ মহন্ত, সত্ৰাধিকাৰ অম্লান জ্যোতি গোস্বামী আৰু কথাছবি পৰিচালক অৰূপ মান্নায়ো চমু ভাষণ প্ৰদান কৰি বিধায়ক গৰাকীৰ প্ৰতি আৰ্শীবাদ আৰু শুভকামনা প্ৰদান কৰে। এই অনুষ্ঠানৰ পাছতে নগাঁৱৰ আগশাৰীৰ অনুষ্ঠান- প্ৰতিষ্ঠান সমূহৰ নেতৃবৰ্গক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে উক্ত অনুষ্ঠান সমূহেও বিধায়ক ৰূপক শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰি আদৰণি জনায়।

