বৰপেটাৰোডত ভোটাধিকাৰ সাব্যস্ত কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে

বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ স্মাৰক হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস। সাধাৰণ ভোটাৰৰ দৰেই শাৰী পাতি তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটদানৰ অন্তত তেওঁ আঙুলিৰ চিয়াহী দেখুৱাই গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণৰ সুখ ব্যক্ত কৰে।


সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাৰ্থীগৰাকীয়ে অতি আত্মবিশ্বাসেৰে কয় যে সমষ্টিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন আৰু উন্নয়নৰ সপক্ষে ভোটদান কৰিছে। তেওঁ নিজৰ জয়ৰ প্ৰতি ১০০ শতাংশই আশাবাদী বুলি মন্তব্য কৰে।


উল্লেখ্য যে, ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজ অতি আকৰ্ষণীয় হৈ পৰিছে। তেনে সময়তে হেভিৱেইট প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে নিজৰ গৃহ চহৰত ভোটদান কৰি নিৰ্বাচনী যুঁজখনত নিজৰ স্থিতি অধিক সবল বুলি দাবী কৰে।

Related Articles