চি আৰ পি এফৰ ১২৮ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত শৌৰ্য্য দিৱস পালন

কমাণ্ডেণ্ট যতীন্দ্ৰ নাথ ৰায়ৰ নেতৃত্বত ৯ এপ্ৰিল তাৰিখে ৬১ নং শৌৰ্য্য দিৱস উপলক্ষে শ্বহীদ হোৱা বীৰ চি আৰ পি এফ জোৱান সকলক ১২৮ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই উপলক্ষে ডেপুটি কমাণ্ডেণ্ট শ্ৰী নবীন চতুৰ্বেদীয়ে কয় যে ১৯৬৫ চনৰ ৯ এপ্ৰিলৰ দিনটোতে পুৱা ৩:৩০ বজাত পাকিস্তানী সেনাৰ আধুনিক অস্ত্ৰৰে সজ্জিত পদাতিক ব্ৰিগেডে চৰ্দাৰ আৰু টাক চকীত আক্ৰমণ চলায়।

চি আৰ পি এফ জোৱানসকলে এই যুদ্ধত অৱতীৰ্ণ হৈ সাহসেৰে এই আক্ৰমণক প্ৰতিহত কৰে। চি আৰ পি এফে ৩৪জন পাকিস্তানী জোৱানক হত্যা কৰাৰ লগতে চাৰিজনক জীৱিত অৱস্থাত বন্দী কৰে। এই কাৰ্যত চি আৰ পি এফৰ ছয়জন জোৱানে প্ৰাণ আহুতি দিয়ে। যিকোনো দেশৰ অৰ্ধসামৰিক বাহিনীৰ ইতিহাসত এইখনেই একমাত্ৰ এনে যুদ্ধ য’ত দুটা অৰ্ধসামৰিক কোম্পানীয়ে পাকিস্তানী নিয়মীয়া সেনাৰ ব্ৰিগেডৰ আগবাঢ়ি যোৱাত বাধা দিছিল আৰু তাৰ পিছত হোৱা তীব্ৰ যুদ্ধত অপূৰণীয় ক্ষতিসাধন কৰিছিল।

এই চি আৰ পি এফৰ নায়কসকলৰ স্মৃতি জীয়াই ৰাখিবলৈ আৰু বাহিনীটোৰ জোৱানসকলক অনুপ্ৰাণিত কৰিবলৈ ৯ এপ্ৰিলক শৌৰ্য্য দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে এই বেটেলিয়নৰ বিষয়া, অধীনস্থ বিষয়া আৰু জোৱানসকল উপস্থিত আছিল।

Related Articles