লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল পশ্চিম দৰঙৰ কনকনা ডেকা

লেটাৰনম্বৰসহ ডিষ্টিংচন লাভেৰে উজ্বলিল পশ্চিম দৰঙৰ কনকনা ডেকা। দৰঙৰ অগ্ৰণী চৰকাৰি মাধ্যমৰ শিক্ষানুষ্ঠান নগাঁও আঞ্চলিক হাইস্কুলৰ ছাত্ৰী কনকনা ডেকাই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংক বিষয়ত ১০০ নম্বৰ প্ৰাপ্তিৰ উপৰিও আটাইকেইটা বিষয়ত লেটাৰনম্বৰসহ ডিষ্টিংচন পাবলৈ সক্ষম হৈছে।

দৰিদ্ৰতাৰ মাজতো কঠোৰ অধ্যয়ণ,নিজৰ আত্মবিশ্বাস আৰু লক্ষ্যৰ বাবে ৯৪.৫ শতাংশ নম্বৰ লাভকৰিবলৈ সক্ষম হল কনকনা। দৰঙৰ নগাঁও নিবাসী পিতৃ নগেন ডেকা আৰু মাতৃ গীতিমা ডেকাৰ কন্যা কনকনা ডেকাৰ ফলাফলত উৎফুল্লিত হৈ পৰে সমগ্ৰ অঞ্চলৰ লগতে গাঁওবাসী। আজিৰ ফলাফলত আনন্দিত হৈ পৰে বিদালয়ৰ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী আৰু ভালেসংখ্যক গুণমুগ্ধ ৷ কনকনা ডেকাক শুভেচ্ছা জনোৱাৰ উদেশ্যে নিজবাসগৃহত উপস্থিত অগনন গুনমুগ্ধ ।

দৰিদ্ৰ পৰিয়ালৰ কনকনা ডেকা প্ৰখৰ মেধাসম্পন্ন, সুবক্তাৰ প্ৰতিভাশালী কনকনাই ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ মন বুলি সংবাদমাধ্যমৰ আগত সদৰিকৰে। উলেখ্য যে কনকনা ডেকাৰ ঘৰত উপস্থিত হৈ দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সহ কেইবাগৰাকী বিষয় ববীয়া আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰে ৷

Related Articles