শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উজ্জ্বলিল মঙলদৈ ডনবস্ক হাইস্কুলৰ ছাত্ৰী ছাদিকা মেহজবিন ইছলামে ৬০০ নং ৰ ভিতৰত ৫৮১নম্বৰ লাভ কৰি ডিষ্ট্ৰিংচনসহ আটাইবোৰ বিষয়ত লেটাৰ আৰু ঐচ্ছিক গণিতত ৰাজ্যিক ভিত্তিত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয়।
ছাদিকা মেহজবিন ইছলাম মঙলদৈ গাঁৱৰ ছাইফুল ইছলাম লস্কৰ(সহকাৰী অভিযন্তা)আৰু এলিজা বেগমৰ দ্বিতীয় কন্যা সন্তান। ছাত্ৰীগৰাকীৰ এই সাফল্যত মঙলদৈ ডনবস্ক হাইস্কুলৰ লগতে মঙলদৈ অঞ্চলত আনন্দ জোৱাৰ উঠে।

