শোণিতপুৰৰ সোনাই ৰূপাই অভয়াৰণ্যত গুলী চালনাৰ ঘটনা:দুটা হস্ত নিৰ্মিত বন্দুক দুই জাই সজিব গুলি উদ্ধাৰ

শোণিতপুৰ জিলাৰ অন্তৰ্গতত সোনাই ৰূপাই  অভয়াৰণ্যত বনৰক্ষী আৰু চোৰাং চিকাৰী ৰ মাজত গুলিচালনাৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ।তথ্য অনুসৰি  যোৱা ২৩ মেৰ নিশা বন বিভাগৰ ৰেঞ্জ বিষয়া বিভূতি মজুমদাৰ নেতৃত্বত যোৱা  এটা তহলদাৰী দলৰ ওপৰত  লক্ষ্য কৰি চিকাৰীৰ দল তোৱে অতৰ্কিটে গুলী চলায় । ইয়াৰ পিছত বন কৰ্মীৰ দলটোৱে প্ৰত্যুত্তৰত দুই জাই গুলী বর্ষণ কৰে বতাহত।বন কৰ্মীয়ে পিছত উক্ত অঞ্চলৰ পৰা  দুটা হস্ত নিৰ্মিত বন্দুক দুই জাই সজিব গুলি ,
এক বাকচ  গুলিৰ নিৰ্মান কৰা পদাৰ্থৰ লগতে বহুতো সামগ্ৰী উদ্ধাৰ কৰে ।
উল্লেখযোগ্য যে  বনাঞ্চল খনত ইতিমধ্যে বহু বাৰ চোৰাং চিকাৰী আটক কৰা হৈছে আৰু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । 

Related Articles